NORTHEAST NOW (Assamese)

৩০ এপ্ৰিলৰ ভিতৰত মাজুলীত মথাউৰি পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মন্ত্ৰী কেশৱ মহন্তৰ

April 16, 2018 8:40 pm · মিটু খাটনিয়াৰ

যোৱাবাৰৰ বানত বিচ্ছিন্ন মথাউৰিৰ চিগা অংশসমূহৰ পুণৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি মাজুলীত উপস্থিত হয় জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত।

মন্ত্ৰী গৰাকীয়ে পুৱা ১০ বজাত কমলাবাৰী ফেৰী ঘাটেৰে মাজুলীত উপস্থিত হৈ সোণোৱাল কছাৰী মথাউৰিৰ চিগা অংশৰ পুনৰ নিৰ্মাণ পৰিদৰ্শন কৰে।

ইয়াৰ পিছতে তেওঁ মলুৱাল মালাপিন্ধা মথাউৰিৰ চেলেকৰ চিগা অংশৰ লগতে অন্যান্য দহটা স্থান পৰিদৰ্শন কৰে।

আনহাতে মথাউৰী পৰিদৰ্শন কৰি জল সম্পদ মন্ত্ৰী গৰাকীয়ে ৩০ এপ্ৰিলৰ ভিতৰত যিকোনো প্ৰকাৰে মথাউৰি পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবৰ বাবে ঠিকাদাৰক কঠোৰ নিৰ্দেশ দিয়ে। ইয়াৰোপৰি তেওঁ বেঙেনাআটী সত্ৰৰ সমিপৰ অতি স্পৰ্শকাতৰ মথাউৰি অংশ পৰ্যবেক্ষণ কৰি অঞ্চলটোৰ ৰাইজক আঁচনি ৰূপায়ণৰ আশ্বাস দিয়ে।

উল্লেখযোগ্য যে অঞ্চলটোৰ সুৰক্ষাক লৈ ব্ৰহ্মপুত্ৰ বৰ্ডে এইপৰ্যন্ত সুৰক্ষাৰ কোনো কাম হাতত নোলোৱাত সমগ্ৰ মাজুলীবাসী উদ্বিগ্ন হৈ পৰিছে।

Related News