চিনাকীৰে নিৰ্বাচনত বিজয়ী হ’ব নোৱাৰি, দায়বদ্ধতাৰে হে পাৰি: ছিকিমৰ বন মন্ত্ৰীয়ে এনেদৰে কয় বাইছুং ভূটীয়াক

Sikkim Forest and Environment Minister Tshering Wangdi

এখন পৰিচিত বা চিনাকী মুখৰ সহায়ত নিৰ্বাচন জিকিব নোৱাৰি। এনেদৰে ছ’ছিয়েল মিডিয়া যোগে  ছিকিমৰ বন আৰু পৰিৱেশ মন্ত্ৰী চেৰিং ৱাঙৰি লেপছাই প্ৰাক্তন ফুটবলাৰ বাইছুং ভূটীয়াক ৰাজ্যখনৰ ৰাজনীতি জগতত প্ৰৱেশ কৰা সিদ্ধান্তক স্বাগতম জনায়।

‘বাইছুঙে ছিকিমৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ বাবে যি ইচ্ছা ব্যক্ত কৰিছে তাৰ বাবে মই তেওঁক স্বাগতম জনাইছো। মই ক’ব বিচাৰে যে চিনাকীৰে নিৰ্বাচনত বিজয়ী হ’ব নোৱাৰি, দায়বদ্ধতাৰে হে পাৰি। জনসাধাৰণ হ’ল একমাত্ৰ বিচাৰপীঠ আৰু মই সম্পূৰ্ণ বিশ্বাসী যে তেওঁলোকে সঠিত সিদ্ধান্ত ল’ব’, এইদৰে ছ’ছিয়েল মিডিয়াত তাৎপৰ্যমূলক মন্তব্য কৰা দেখা যায় মন্ত্ৰী লেপছাক।

তেওঁ আৰু কয়, ‘ভাৰত হ’ল এখন গণতান্ত্ৰিক দেশ য’ত এজন নেতাক নিৰ্বাচিত কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকে ইয়াৰ জনসাধাৰণৰ ওপৰত। যিকোনো জনপ্ৰিয়তা আৰু বিভিন্ন দিশৰ অভিজ্ঞতাই ৰাজনীতিত বিশেষ সুবিধা প্ৰদান নকৰে। যিজন নেতাই ৰাজ্যখনক নিজৰ চিন্তাধাৰা আৰু দূৰদৰ্শিতাৰে ৰাজ্যখনক আগবঢ়াই লৈ যাব পাৰিব সেই নেতাজনকহে ৰাইজে গিৰহণ কৰে বা বিচাৰে’।

উল্লেখ্য যে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন ষ্ট্ৰাইকাৰ বাইছুং ভূটীয়াই আগন্তুক ছিকিম বিধানসভা নিৰ্বাচনৰ পূৰ্বে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ ইচ্ছা প্ৰকাশ কৰা দেখা গৈছিল।

ভূটীয়াই ইয়াৰ পূৰ্বে ২০১৪ চনত লোকসভা নিৰ্বাচন ত তৃণমূল কংগ্ৰেছৰ হৈ দাৰ্জিলিং লোকসভা সমষ্টিৰ পৰা আৰু ২০১৬ চনত শিলিগুৰি বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়াইছিল।

মন কৰিবলগীয়া যে বিগত কিছু দিনৰ পৰা প্ৰাক্তন ফুটবলাৰজনে বিভিন্ন অঞ্চলৰ লোকসকলৰ লগত আলোচনাত মিলিত হোৱাৰ খবৰত অনুমান কৰিব পাৰি যে ভূটীয়াই সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ বাবে মন মেলিছে। সি যি নহ’ওক বাইছুঙৰ তৰফৰ পৰা কিন্তু এতিয়াও সক্ৰিয় ৰাজনীতিত প্ৰৱেশ সম্পৰ্কে একো মন্তব্য অহা নাই।

আনহাতে ৰাজ্যিক মন্ত্ৰী ৱাঙৰিয়ে ভূটীয়াক ৰাজ্যৰ বাহিৰৰ ৰাজনৈতিক দলৰ বিপৰীতে ৰাজ্যখনৰে আঞ্চলিক ৰাজনীতিত প্ৰৱেশ কৰাৰ বাবে আহ্বান জনায়।