চিলাপথাৰ-আলো ৰে’লৱে পথ প্ৰকল্পলৈ নতুন দিল্লীৰ সেউজ সংকেত

প্ৰস্তাৱিত প্ৰকল্প সম্পৰ্কে আলোচনা কালত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াবৰ্গ

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (নিৰ্মাণ শাখাৰ) মহাপ্ৰৱন্ধক এন কে প্ৰসাদে বৃহস্পতিবাৰে ইটানগৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুক সাক্ষাৎ কৰি জানিবলৈ দিয়ে যে অসমৰ চিলাপথাৰৰ পৰা ৰাজ্যখনৰ পশ্চিম ছিয়াং জিলাৰ বামে হৈ আলো লৈকে মতুন ৰে’লৱে পথৰ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰই সেউজ সংকেত দিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।

খাণ্ডুৱে ৰে’লৱে সংযোগীকৰণৰ  বিষয়টো মহাপ্ৰৱন্ধকগৰাকী আৰু তেওঁৰ দলৰ বিষয়াসকলৰ সৈতে বিশদভাৱে আলোচনা কৰে। আলোচনা কালত তেওঁ বিষয়াসকলক আলো লৈকে ৰে’ল পথ সম্প্ৰসাৰণৰ কামটো অগ্ৰাধিকাৰ ভিত্তিত কৰিবলৈ জোৰ দিয়ে।

প্ৰসাদে আশ্বাস দিয়ে যে অতি সোনকালে ৰে’লৱে পথৰ জৰীপৰ কাম আৰম্ভ কৰা হ’ব আৰু লগতে তেওঁ জনায় যে অসমৰ উত্তৰ লখিমপুৰৰ পৰা অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰিৰ জিৰ’লৈকে আন এটা নতুন ৰে’লৱে পথৰ বাবেও অনুমোদন দিয়া হৈছে।

মুখ্যমন্ত্ৰীয়েও শীঘ্ৰেই জৰীপ তথা অনুসন্ধানৰ কাম আৰম্ভ কৰিবলৈ বিষয়াসকলক অনুৰোধ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন তথা সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তেওঁ লগতে ৰাজ্যখনৰ আন প্ৰস্তাৱিত ৰে’ল পথৰ সম্পৰ্কত স্থিতি জানিব বিচাৰে।

বিষয়াসকলে জনায় যে অসমৰ মাৰ্ঘেৰিটাৰ পৰা অৰুণাচল প্ৰদেশৰ দেওমালি (৩১ কি:মি:), লেখাপানীৰ পৰা খাৰছাং (২৫ কি:মি:) আৰু ইটাখোলাৰ পৰা ছেইজোছালৈ (১৮ কি:মি:) ৰে’ল পথৰ জৰীপৰ কাম সম্পূৰ্ণ হৈছে।

জৰীপৰ কাম চলি থকা আন ৰে’ল পথসমূহ হৈছে ডুমডুমা-নামছাই-ৱাক্ৰো, ডংৰি-ৰ’ইং, দেওমালি-নাহৰকটীয়া, খাৰছা-মিয়াও-নামপ’ঙ-নিউ কামলেং দেবন আৰু শিমলুগুৰি কানুবাৰী হৈ তিনিচুকীয়া-পাছিঘাট।

মুখ্যমন্ত্ৰীয়ে লগতে মুৰকংছেলেকৰ পৰা পাছিঘাট আৰু পাছিঘাট-তেজু-পৰশুৰামকুণ্ড-ৰূপাই ৰে’লপথৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়।

বিষয়াসকলে জনায় যে মুৰকংছেলেকৰ পৰা পাছিঘাটৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু জৰীপৰ কাম পূৰ্ণ গতিত চলি আছে। তেওঁলোকে লগতে জনায় যে তেজু আৰু পৰশুৰামকুণ্ড হৈ পাছিঘাটৰ পৰা ৰূপাই ৰে’ল পথৰ জৰীপৰ কামো চলি আছে।

বৈঠকত ভালুকপুঙৰ পৰা টাৱাঙলৈ ৰে’লপথৰ কামৰ বিষয়েও আলোচনা কৰা হয়। এই ৰে’লপথৰ কাম সম্পূৰ্ণ হ’লে বৰ্তমানৰ দূৰত্ব ৩৮৫ কিলোমিটাৰৰ পৰা ১৬৫ কিলোমিটাৰলৈ কমি যাব।

মুখ্যমন্ত্ৰীয়ে কয় যে এবাৰ এই ৰে’ৰ পথসমূহ সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠিলে কৃষকসকল আটাইতকৈ অধিক উপকৃত হ’ব কিয়নো যোগাযোগৰ অভাৱত এখন উন্নত বজাৰ পোৱাত তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈ আহিছে।