NORTHEAST NOW (Assamese)

চি বি এচ ই প্ৰশ্নকাকত ফাদিলক লৈ তোলপাৰ দেশ : ২৫ এপ্ৰিলত দ্বাদশৰ পৰীক্ষা, দশম শ্ৰেণীৰ সন্দৰ্ভত ১৫ দিনৰ ভিতৰত হ’ব সিদ্ধান্ত

March 30, 2018 7:54 pm · এন ই নাও নিউজ
Updated: March 30, 2018 8:01 pm

প্ৰশ্নকাকত ফাদিল হোৱা বাবে বাতিল কৰা চি বি এচ ইৰ দ্বাদশ শ্ৰেণীৰ অৰ্থনীতিৰ পৰীক্ষা ২৫ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ বিপৰীতে জুলাই মাহত হোৱাৰ সম্ভাৱনা আছে দশম শ্ৰেণীৰ অংকৰ পৰীক্ষা। দেশজুৰি হোৱা ব্যাপক প্ৰতিবাদৰ পিছত শিক্ষা সচিব অনিল স্বৰূপে আজি ৩০ মাৰ্চত এই কথা ঘোষণা কৰে।

সচিবগৰাকীয়ে লগতে কয় যে দশম শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিল কেৱল দিল্লী আৰু হাৰিয়ানাতে সীমাবদ্ধ থকা বাবে কেৱল এই দুখন ৰাজ্যতহে পৰীক্ষাটো পুনৰ পতা হ’ব আৰু এই সন্দৰ্ভত অহা ১৫ দিনৰ ভিতৰত সিদ্ধান্ত লোৱা হ’ব আৰু পুনৰ পৰীক্ষা পাতিলে জুলাইতহে পতা হ’ব।

ভাৰতৰ বাহিৰত প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি দাবী কৰি সচিবগৰাকীয়ে জনাই যে ভাৰতৰ বাহিৰত পৰীক্ষাত বহা পৰীক্ষাৰ্থীসকলৰ বাবে পুনৰ পৰীক্ষা পতা নহ’ব।

তেওঁ প্ৰশ্নকাকত ফাদিল ‘কৰা লোকগৰাকীক কৰায়ত্ত কৰা হ’ব’ বুলিও আশ্বাস দিয়ে।

উল্লেখযোগ্য যে চি বি এচ ইৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ যোৱা কেইবাদিনো সমগ্ৰ দেশ তোলপাৰ লাগি আছে। আজিও টুইটাৰৰ লগতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমসমূহৰ শিৰোনাম দখল কৰি আছে ঘটনাটোৱে।

এই ঘটনাৰ উচ্চস্তৰীয় তদন্ত, দোষীৰ শাস্তি, পৰীক্ষা পুনৰ পতাৰ বাবে দিন শীঘ্ৰে ঠিক কৰাৰ দাবীত আৰু এই ঘটনা মোদী চৰকাৰৰ দিনত দেশৰ শিক্ষা ক্ষেত্ৰত হোৱা বেমেজালিৰ নিদৰ্শন বুলি দাবী কৰি এন এচ ইউ আই আৰু কংগ্ৰেছ দলে আজি নতুন দিল্লীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল। এ’ ভি বি পিয়েও এই ঘটনাটোৰ তদন্ত দাবী কৰিছে।

দুয়োটা ছাত্ৰ সংগঠনেই কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাৱাদেকাৰক পৃথকে পৃথকে আজি স্মাৰক পত্ৰও প্ৰদান কৰিছিল।

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশৰে দশম আৰু দ্বাদশ মানৰ প্ৰায় ২৮ লাখ পৰীক্ষাৰ্থী চি বি এছ ইৰ এই ঘটনাত প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছে।

উল্লেখ্য যে দশম মানৰ পৰীক্ষাৰ বাবে ১৬,৩৮,৪২৮ আৰু দ্বাদশ মানৰ পৰীক্ষাৰ বাবে ১১,৮৬,৩০৬ গৰাকী শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল।

Related News