NORTHEAST NOW (Assamese)

চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯১ শতাংশ নম্বৰেৰে উত্তীৰ্ণ নগাওঁ বঢ়মপুৰৰ কংকণা

May 29, 2018 10:14 pm · মিণ্টু দাস

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড ( চি বি এছ ই)ৰ দ্বাৰা  ঘোষিত দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ভেৰভেৰীৰ কৃতী ছাত্ৰী কংকণা ভাগৱতীয়ে কৃতিত্বৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, বৰগুলিৰ ছাত্ৰী কংকণাই সৰ্ব্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাটোত ৯১·০৪ শতাংশ নম্বৰ পোৱাৰ লগতে সকলো বিষয়তে ৯০ শতাংশৰো অধিক নম্বৰ পাবলৈ সক্ষম হয়।

কংকণা টাউনশ্বিপ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ ভাগৱতী আৰু সন্ধ্যা ভাগৱতীৰ একমাত্ৰ কন্যা৷

Related News