• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চানমাৰিত আছু-২৮টা জনগোষ্ঠীয় সংগঠনৰ গণ-অনশনলৈ অসংখ্য বিশিষ্ট নাগৰিকৰ সমৰ্থন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 29, 2018 9:59 pm
আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত গুৱাহাটীৰ চানমাৰিত হোৱা গণ-অনশন কাৰ্য্যসূচীৰ দৃশ্য। ফটো : য়ু বি।

আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত গুৱাহাটীৰ চানমাৰিত হোৱা গণ-অনশন কাৰ্য্যসূচীৰ দৃশ্য। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত ২৯ মে’ত গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সমবেত হ’ল সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দৰ লগতে ৰাজ্যৰ বিশিষ্ট নাগৰিক, শিল্পী।

উল্লেখযোগ্য যে আজি আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে বিতৰ্কিত আৰু অসমৰ বাবে ক্ষতিকৰ, গণতন্ত্ৰ তথা সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ বাবে ভাবুকিস্বৰূপে বিধেয়কখন বাতিলৰ দাবীৰে ১১ ঘণ্টীয়া গণ-অনশনৰ কাৰ্য্যসূচী লৈছিল আৰু তাত সকলোকে অংশ ল’বলৈ আহ্বান জনাইছিল।

Apply Now

অসমৰ বিভিন্ন জাতি-জনজাতিৰ স্বকীয়তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি জাতীয় জীৱনলৈ সংকট নমাই আনিব পৰা বিধেয়কখনৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ঐক্যবদ্ধভাৱে এই গণ-অনশন কাৰ্যসূচীত অংশ ল’লে নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, টাকাম মিচিং পৰিং কেবাং, ডিমাছা ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি অন্যান্য জাতীয় আৰু জনগোষ্ঠীয় সংগঠন সমূহে।

এই গণ-অনশন কাৰ্যসূচীত ভাগ লয় অসম সাহিত্য সভাৰ লগতে বড়ো সাহিত্য সভা, কাৰ্বি সাহিত্য সভা, ডিমাচা সাহিত্য সভাকে ধৰি ৮ জনজাতীয় সাহিত্য সভাই।

জাতিৰ প্ৰতি দায়বদ্ধতাৰে গণ-অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে বিশিষ্ট বুদ্ধিজীৱী, শিল্পী, লেখক, সাহিত্যিক, সাংবাদিকৰ উপৰি ভালেসংখ্যক সচেতন নাগৰিকে। উপস্থিত থাকিল বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, ছবি পৰিচালক জাহ্নু বৰুৱা, বাণী দাস, সংগীত শিল্পী মনীষা হাজৰিকা, সমৰ হাজৰিকা, জুবিন গাৰ্গ, তৰালী শৰ্মা, লেখক চৈয়দ চাদুল্লা, মাইনী মহন্ত, ময়ূৰ বৰা, সাংবাদিক অদীপ ফুকন, নিতুমণি শইকীয়া, অভিনেতা অৰুণ হাজৰিকা, অতুল পাঁচনী, মাধুৰিমা চৌধুৰী আদিকে ধৰি অসমৰ সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনৰ লগত জড়িত যথেষ্ট সংখ্যক লোক।

আনহাতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিকে ধৰি কৰ্মচাৰী সকলৰ কেইবাটাও সংগঠনেও অনশনত ভাগ লয়।

উল্লেখযোগ্য যে এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কৰ্তব্যৰ পৰা ছুটী লৈ আহে অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে।

অনশনথলীত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয়, “কেন্দ্ৰীয় চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা এই বিধেয়কখন বাতিল কৰিবই লাগিব। তাৰ বাবে ২০১৪ চনৰ পৰা সংগ্ৰাম চলি আছে আৰু ধাৰবাহিকভাৱে সংগ্ৰাম চলি থাকিব।” তেওঁ লগতে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিবৰ বাবে সময় নিৰ্ধাৰিত কৰ্মসূচী, জাতিক সাংবিধানিক ৰক্ষাকৱচ দিয়া আৰু ভাৰত-বাংলা সীমান্ত ছীল কৰাৰ দাবীও উত্থাপন কৰে।

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰি অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫ মাৰ্চক ভিত্তি বছৰ হিচাপে লৈ বিদেশী বহিষ্কাৰৰ দাবী জনায়। তেওঁ লগতে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব বুলি মন্তব্য কৰে।

আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত গুৱাহাটীৰ চানমাৰিত হোৱা গণ-অনশন কাৰ্য্যসূচীৰ দৃশ্য। ফটো : য়ু বি।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে কেন্দ্ৰীয় চৰকাৰ লগত চলি থকা আলোচনাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহিব বুলি হুংকাৰ দিয়ে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই। ইয়াৰ উপৰি তেওঁ এতিয়াও অসমৰ বহু যুৱক-যুৱতী সশস্ত্ৰ সংগ্ৰামৰ বাবে জংঘললৈ গৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ইফালে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে জাতীয় সংকটৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ লগত ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি যাব বুলি ঘোষনা কৰে। একেই মত প্ৰকাশ কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই।

কাৰ্যসূচীৰ শেষৰফালে অংশ লয়হি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তকে ধৰি অসম গণ পৰিষদৰ কেইবাগৰাকীও নেতা, যিসকল আছুৰো প্ৰাক্তন নেতা। সমান্তৰালভাৱে উপস্থিত হয় কংগ্ৰেছৰ অপূৰ্ব ভট্টাচাৰ্য, কিশোৰ ভট্টাচাৰ্যও।

সন্ধিয়া পাঁচ বজাত অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অন্নদাচৰণ ভাগৱতী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ হীৰালাল দুৱৰা আৰু ড০ অমৰজ্যোতি চৌধুৰীয়ে পানী আগ বঢ়াই এই গণ-অনশন কাৰ্যসূচী ভংগ কৰোৱায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am
‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

June 22, 2026 11:03 am
“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

June 22, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd