• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘জন্মসূত্ৰে নহ’লেও সন্তান সন্তানেই’, চৰকাৰী নথিত ‘দত্তক’ লিখা বন্ধ কৰাৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে

এই ঐতিহাসিক বিচাৰৰ কেন্দ্ৰবিন্দু হৈছে এগৰাকী সাধাৰণ নাৰীৰ আত্মসন্মান আৰু স্বীকৃতিৰ সংগ্ৰাম। গোচৰ ৰুজু কৰা যুৱতীগৰাকীয়ে অতি সৰল অথচ গভীৰ এক আৱেদন লৈ আদালতৰ কাষ চাপিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2026 8:10 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন্মৰ দ্বাৰাই হওক বা দত্তক লোৱাৰ দ্বাৰাই হওক সন্তান এটা সন্তানেই।  এক যুগান্তকাৰী ৰায়দানত এই বাৰ্তা দিছে কেৰালা উচ্চ ন্যায়ালয়ে। আদালতে কঠোৰ নিৰ্দেশ দিছে যে এতিয়া আৰু চৰকাৰী নথি-পত্ৰত শিশুক ‘দত্তক পুত্ৰ’ বা ‘দত্তক কন্যা’ বুলি পৃথকে চিহ্নিত কৰিব নোৱাৰিব।

জৈৱিক সন্তান আৰু দত্তক শিশুৰ মাজত পাৰ্থক্য কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ন্যায়াধীশ পি ভি কুঁহিকৃষ্ণনে ৰাজ্য চৰকাৰৰ ই-জিলা পৰ্টেলৰ পৰা দত্তক শিশুৰ বাবে থকা পৃথক বিভাগটো তৎকালীনভাৱে আঁতৰোৱাৰ নিৰ্দেশ দিছে। একে সময়তে আইনী উত্তৰাধিকাৰ বা আইনী জিম্মাত ৰখাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নীতি-নিৰ্দেশনা সংশোধন কৰিবলৈও চৰকাৰক নিৰ্দেশ দিয়া হৈছে।

এই ঐতিহাসিক বিচাৰৰ কেন্দ্ৰবিন্দু হৈছে এগৰাকী সাধাৰণ নাৰীৰ আত্মসন্মান আৰু স্বীকৃতিৰ সংগ্ৰাম। গোচৰ ৰুজু কৰা যুৱতীগৰাকীয়ে অতি সৰল অথচ গভীৰ এক আৱেদন লৈ আদালতৰ কাষ চাপিছিল। তেওঁ বিচাৰিছিল চৰকাৰী নথি-পত্ৰত তেওঁক পিতৃৰ ‘দত্তক কন্যা’ হিচাপে নহয়, কেৱল ‘কন্যা’ হিচাপে স্বীকৃতি দিয়া হওক। যুৱতীগৰাকীৰ প্ৰকৃত পৰিচয় গোপন কৰি আদালতে ৰায়দানত তেওঁক ‘আনমোল’ নামেৰে সম্বোধন কৰে।

Apply Now

জানিব পৰা মতে, ১৬ বছৰতকৈও অধিক সময়ৰ বিবাহ আৰু নিঃসন্তানৰ অন্তত ১৯৯০ চনৰ জুন মাহত এক মাহৰো কম বয়সীয়া আনমোলক পিতৃ-মাতৃয়ে দত্তক লৈছিল। সেইদিনাৰ পৰাই তেওঁ নিজৰ কন্যা হিচাপে ডাঙৰ-দীঘল হৈছিল আৰু সেই পৰিচয়েৰে সমাজত পৰিচিত আছিল।

আধাৰ কাৰ্ড, পাছপ’ৰ্ট, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ আইডি আৰু সকলো শিক্ষাৰ প্ৰমাণ পত্ৰত তেওঁৰ নাম কেৱল তেওঁলোকৰ কন্যা হিচাপেহে উল্লেখ কৰা হৈছিল। আনকি ২০২৩ চনৰ জানুৱাৰী মাহত মাকৰ মৃত্যুৰ সময়ত প্ৰদান কৰা আইনী উত্তৰাধিকাৰৰ প্ৰমাণ পত্ৰতো তেওঁক সাধাৰণভাৱে ‘কন্যা’ বুলি অভিহিত কৰা হৈছিল।

কিন্তু ২০২৪ চনৰ অক্টোবৰ মাহত পিতৃৰ মৃত্যুৰ পিছত অস্বস্তিৰ সৃষ্টি হয়। থ্ৰিছুৰত থকা তহচিলদাৰৰ কাৰ্যালয়ে প্ৰদান কৰা উত্তৰাধিকাৰৰ প্ৰমাণ পত্ৰত আনমোলৰ পৰিচয়ৰ কাষত ‘দত্তক কন্যা’ শব্দটো সংযোজন কৰা হৈছিল। আনমোলৰ বাবে এই অতিৰিক্ত শব্দই তেওঁৰ আজীৱন সম্পৰ্কৰ মৰ্যাদাত আঘাত দিছিল। সেয়ে তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু নিজকে কেৱল পিতৃৰ কন্যা বুলি পৰিচয়েৰে নতুন প্ৰমাণ পত্ৰ লাভৰ দাবী কৰিছিল।

শুনানিৰ সময়ত ৰাজ্য চৰকাৰে যুক্তি আগবঢ়ায় যে ই-জিলা পৰ্টেলত দত্তক ল’ৰা-ছোৱালীক চিনাক্ত কৰাৰ সুকীয়া বিকল্প আছে আৰু বিষয়াসকলে কেৱল বৰ্তমানৰ নিয়ম অনুসৰিহে কাম কৰিছিল। কিন্তু ন্যায়াধীশ পি ভি কুঁহিকৃষ্ণনে চৰকাৰৰ ব্যাখ্যা সম্পূৰ্ণৰূপে নাকচ কৰে।

আদালতে কয় যে আইন অনুসৰি দত্তক ল’ৰা-ছোৱালীক সকলো ক্ষেত্ৰতে দত্তক পিতৃ-মাতৃৰ সন্তান হিচাপে স্বীকৃতি দিয়া হয়। সমাজেও যেতিয়া সম্পৰ্কত কোনো ছাপ নলগাই দত্তক ল’ৰা-ছোৱালীক পুত্ৰ বা কন্যা হিচাপে গ্ৰহণ কৰে, তেন্তে চৰকাৰী নথি-পত্ৰত কিয় সুকীয়া ছাপ থাকিব লাগে?

আদালতে অৱশ্যে এই কথাও স্পষ্ট কৰি দিয়ে যে ‘দত্তক পুত্ৰ’ বা ‘দত্তক কন্যা’ শব্দ দুটাত কোনো অপমানজনক কথা নাই, কিন্তু চৰকাৰী নথি-পত্ৰত এনে বৰ্ণনা পৰিহাৰ কৰাটো বাঞ্ছনীয়। এই ৰায়দানত থ্ৰিছুৰ তহচিলদাৰে প্ৰদান কৰা পুৰণি উত্তৰাধিকাৰ প্ৰমাণ পত্ৰ বাতিল কৰি ৰায়দানৰ প্ৰমাণিত প্ৰতিলিপি লাভ কৰাৰ দুসপ্তাহৰ ভিতৰত আনমোলক কেৱল ‘কন্যা’ বুলি চিনাক্ত কৰি নতুন প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জন্মসূত্ৰে নহ’লেও সন্তান সন্তানেই’, চৰকাৰী নথিত ‘দত্তক’ লিখা বন্ধ কৰাৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে

‘জন্মসূত্ৰে নহ’লেও সন্তান সন্তানেই’, চৰকাৰী নথিত ‘দত্তক’ লিখা বন্ধ কৰাৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে

November 19, 2026 8:10 am
পৃথিৱীৰ পৰা এক আলোক দিৱস দূৰত ভয়েজাৰ ১; মহাকাশত নাছাৰ নতুন ইতিহাস

পৃথিৱীৰ পৰা এক আলোক দিৱস দূৰত ভয়েজাৰ ১; মহাকাশত নাছাৰ নতুন ইতিহাস

November 18, 2026 8:57 pm
মাত্ৰ পাঁচ বছৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সম্পত্তি ৩০৭ শতাংশ বৃদ্ধি! ছিণ্ডিকেটৰ চৰ্দাৰ আখ্যা  অখিল গগৈৰ

মাত্ৰ পাঁচ বছৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সম্পত্তি ৩০৭ শতাংশ বৃদ্ধি! ছিণ্ডিকেটৰ চৰ্দাৰ আখ্যা অখিল গগৈৰ

November 18, 2026 8:12 pm
দুৰ্ঘটনাত মদ্যপ ব্যক্তিৰ মৃত্যু হ’লে বীমাৰ ধন পাবনে? গ্ৰাহক সুৰক্ষা আদালতে দিলে ‘ডাঙৰ’ ৰায়

দুৰ্ঘটনাত মদ্যপ ব্যক্তিৰ মৃত্যু হ’লে বীমাৰ ধন পাবনে? গ্ৰাহক সুৰক্ষা আদালতে দিলে ‘ডাঙৰ’ ৰায়

November 18, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জন্মসূত্ৰে নহ’লেও সন্তান সন্তানেই’, চৰকাৰী নথিত ‘দত্তক’ লিখা বন্ধ কৰাৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে

‘জন্মসূত্ৰে নহ’লেও সন্তান সন্তানেই’, চৰকাৰী নথিত ‘দত্তক’ লিখা বন্ধ কৰাৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে

November 19, 2026 8:10 am
পৃথিৱীৰ পৰা এক আলোক দিৱস দূৰত ভয়েজাৰ ১; মহাকাশত নাছাৰ নতুন ইতিহাস

পৃথিৱীৰ পৰা এক আলোক দিৱস দূৰত ভয়েজাৰ ১; মহাকাশত নাছাৰ নতুন ইতিহাস

November 18, 2026 8:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd