চি বি এছ চিৰ অধীনৰ নিট পৰীক্ষাত বিসংগতি: ডিব্ৰুগড়ত প্ৰশ্নকাকতৰ অভাৱত পৰীক্ষা অনুষ্ঠিত হ’ল তিনি ঘণ্টা পলমকৈ   

jee-neet-pti

প্ৰতিনিধিত্বমূলক চিত্ৰ

পুনৰ পৰীক্ষা কেন্দ্ৰত বিসংগতি। এইবাৰ ৰাজ্য চৰকাৰৰ অধীনৰ কোনো পৰীক্ষাত নহয়। চি বি এছ চিয়ে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা চমুকৈ নিট পৰীক্ষাতহে ওলাল বিসংগতি। আজি সমগ্ৰ দেশৰ লগতে অসমতো অনুষ্ঠিত হৈছে নিটৰ প্ৰৱেশ পৰীক্ষা। কিন্তু ডিব্ৰুগড়ৰ এটা পৰীক্ষা কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ প্ৰশ্নকাকতৰ অভাৱ হোৱা হেতুকে পলমকৈ অনুষ্ঠিত হ’ল পৰীক্ষা।

এই সন্দৰ্ভত এজন পৰীক্ষাৰ্থীয়ে জানিবলৈ দি কয় যে পৰীক্ষাৰ সময় আছিল ৰাতিপুৱা ১০ বজাৰ পৰা ১ বজালৈ। কিন্তু ডিব্ৰুগড়ৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত পৰ্যাপ্ত প্ৰশ্নকাকতৰ অভাৱৰ বাবে কেন্দ্ৰটোৱে দুটা সত্ৰত অনুষ্ঠিত কৰিবলগীয়া হ’ল পৰীক্ষা।

ইফালে পৰীক্ষা কেন্দ্ৰৰ পৰা বহুতো পৰীক্ষাৰ্থীয়ে আদাতে সামৰিবলগীয়া হ’ল পৰীক্ষা। কিয়নো পৰীক্ষাৰ্থীসকলে আবেদন কৰা ভাষাত যোগান ধৰিব পৰা নাছিল প্ৰশ্নকাকত। ভাষাৰ অসুবিধা হোৱা হেতুকে বহুতো পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত বুজি পোৱা নাছিল।

‘আমি পৰীক্ষাটোৰ বাবে অনলাইন যোগে আবেদন কৰিছিলো। আবেদনৰ সময়ত আমি আমাৰ পচন্দৰ ভাষাও নিৰ্বাচন কৰি দিছিলো। কিন্তু পৰীক্ষা কেন্দ্ৰত আমাক ইংৰাজী আৰু হিন্দী মাধ্যমৰ প্ৰশ্নকাকত হে যোগান ধৰিছিল’, বুলি এজন ছাত্ৰই এনেদৰে কয়।

তেওঁ লগতে অভিযোগ তুলি কয়- ‘প্ৰৱেশ পৰীক্ষা ৰাতিপুৱা ১০ বজাৰ অনুষ্ঠিত হ’ব বুলি আমাৰ প্ৰৱেশ পত্ৰত স্পষ্ট ৰূপত উল্লেখ আছিল। কিন্তু প্ৰশ্নকাকতৰ অভাৱ হোৱা বাবে পৰীক্ষা অনুষ্ঠিত হয় দুপৰীয়া ১ বজাত। প্ৰথম ভাগতে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে টিক মাৰ্ক দিয়া প্ৰশ্নকাকত সমূহ পুনৰ আমাক যোগান ধৰিছে’।

উল্লেখ্য যে দুটা ভাগত অনুষ্ঠিত কৰা পৰীক্ষাটোত দ্বিতীয় ভাগত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকল লাভান্বিত হ’ব বুলি একাংশ পৰীক্ষাৰ্থীয়ে প্ৰশ্ন উত্থাপন কৰি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী তোলে।

মন কৰিবলগীয়া যে চি বি এছ চিয়ে আয়োজন কৰা নিটৰ পৰীক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলে MBBS আৰু BDS পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে।