দেশৰ একাংশ ৰাজনৈতিক নেতা আৰু সংগঠনে সময়ে সময়ে, বিশেষকৈ পূজাৰ সময়ত, চীনা সামগ্ৰী বৰ্জনৰ আহ্বান দি অহাৰ বিপৰীতে এইবাৰ দুৰ্গা পূজাৰ প্ৰাণকেন্দ্ৰ কলকাতাত পূজা স্পনছ’ৰ ( Durga Puja sponsored by China ) কৰিবলৈ আগবাঢ়িছে চীন।
কলকতাৰ ছল্ট লে’ক বিধাননগৰৰ আটাইতকৈ পুৰণি (১৯৮৩ চনৰ পৰা চলি অহা) বি জে’ ব্লক ৰাজহুৱা দুৰ্গা পূজাৰ সমস্ত ব্যয় বহন কৰিব চীনৰ কলকাতাস্থিত চীনা কনচ্যুলে’ট জেনেৰেলে।
পূজাৰ ব্যয় বহন কৰাই নহয় চীনৰ নিপুণ স্থপতিৰ পৰা চীনা স্থাপত্যৰ আৰ্হি শিকিবৰ বাবে শীঘ্ৰেই চীনা দূতাৱাসে কলকাতাৰ কাৰিকৰক চীনৰ য়ুনান প্ৰদেশৰ কুন্মিঙত প্ৰশিক্ষণ দিয়াই আনিব। তাৰোপৰি চীনা পৰম্পৰাগত বাঁহীবাদক, ড্ৰেগন নৃত্য শিল্পী আদি প্ৰদৰ্শনৰ বাবে চীনৰ পৰা শিল্পীও অনা হ’ব।
‘এইবছৰ চীনক আমি ছল্টলে’কলৈ লৈ আহিম’, সংবাদ মাধ্যমক জনালে কলকাতাস্থিত চীনৰ কনচ্যুল জেনেৰেল মা ঝানউৱে।
‘কলকাতাৰ দুৰ্গা পূজাই ধৰ্মীয় পাৰ্থক্য উৰ্ধ্বলৈ গৈ সকলোকে এক কৰে। স্বাভাৱিকতে আমি চীনা কনচ্যুলে’টেও এই উৎসৱৰ সৈতে যথেষ্ট পৰিমাণে জৰিত হৈ পৰিছো,’ ঝানউৱে ক’লে।
পুজা সমিতিখনৰ যুটীয়া সম্পাদক উমাশংকৰ ঘোষ দস্তিদাৰ আৰু ভাস্কৰ সিনহা ৰয়ৰ সৈতে যোৱা ২৩ মে’ত ঝানউৱে এক বৈঠকত মিলিত হোৱাৰ পিছত ক’লকাতাস্থিত চীনা কনচ্যুলে’ট জেনেৰেলে এই বিবৃতি জাৰি কৰিছে।
উল্লেখযোগ্য যে এমেৰিকাৰ এম আই টি মিডিয়া লেব (MIT media lab)ৰ Observatory of Economic Complexityৰ হিচাপ অনুসৰি ২০১৬ চনত ভাৰতে চীনৰ পৰা কৰা আমদানিৰ পৰিমাণ ৭৩.৩ বিলিয়নৰ বিপৰীতে চীনলৈ ভাৰতে কৰা ৰপ্তানিৰ পৰিমাণ ১৩.৩ বিলিয়ন এমেৰিকান ডলাৰ।
চীন পৃথিৱীৰ বৃহত্তম ৰপ্তানি অৰ্থনীতি (export economy) আৰু দ্বিতীয় বৃহত্তম আমদানি কৰা দেশ।