চীনৰ কৃত্ৰিম হ্ৰদৰ পৰা বিপদ বাঢ়িছে অসম, অৰুণাচলৰ

প্রতিনিধিত্বমূলক ফটো

যোৱা ১৭ নৱেম্বৰত  ৬.৪ ৰিখটাৰ স্কেলৰ এটা ভূমিকম্পৰ ফলত য়াৰলং ছাংপো নদীৰ অৱবাহিকাত সৃষ্টি হোৱা প্ৰচুৰ পানী ভৰি থকা কমেও তিনিটা বৃহৎ আকাৰৰ হ্ৰদে নামনি অঞ্চলত বাস কৰা অৰুণাচল আৰু অসমৰ বাসিন্দাসকলৰ বাবে ভয়াবহ বিপদৰ আগজাননী কঢ়িয়াইছে। দেশৰ আগশাৰীৰ কাকত ‘ডেক্কান হেৰল্ড’ৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

ভূমিকম্প হোৱা অঞ্চলটো আৰু কৃত্ৰিম হ্ৰদৰ স্থানটো অৰুণাচল প্ৰদেশৰ পৰা বহু বেছি দূৰত অৱস্থিত নহয়। অৰুণাচল প্ৰদেশৰ য’ৰ পৰা ছাংপো নদী প্ৰায় ১৮০ ডিগ্ৰী দক্ষিণ দিশলৈ ঘুৰি আহি ছিয়াং হিচাপে পৰিচিত হৈ নামনিত আহি লোহিত নদীত মিলি গৈছে আৰু অসমত বিশাল ব্ৰহ্মপুত্ৰ হিচাপে জনজাত হৈ পৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক তথ্য অনুসৰি চীনৰ ভূমিকম্পটোৰ কেন্দ্ৰস্থলটো অসমৰ ঘন বসতি প্ৰধান ডিব্ৰুগড় চহৰৰ পৰা ২৫৯ কিলোমিটাৰ আৰু বাণিজ্যিক কেন্দ্ৰ তিনিচুকীয়াৰ পৰা ২৬১ কিলোমিটাৰ আঁতৰত অৱস্থিত।

‘’ অৰুণাচল প্ৰদেশ আৰু অসমৰ বাবে এই দিশটো অতি বিপজ্জনক হিচাপে চিহ্নিত আৰু শীঘ্ৰে ইছৰো বা নেচনেল ৰিম’ট ছেনছিং চেন্টাৰৰ দ্বাৰা উচ্চ বিকিৰণযুক্ত ছেটেলাইট তথ্যৰ সহায়ত অনুসন্ধান চলাব লাগে আৰু চীনা কৰ্তৃপক্ষৰ পৰাও সহযোগ বিচাৰিব লাগে,’’- বৰ্তমান আইআইটি ৰুৰকিত কৰ্মৰত এগৰাকী প্ৰসিদ্ধ নদী আভিযান্ত্ৰিক বিশেষজ্ঞ অধ্যাপক নয়ন শৰ্মাই এইদৰে কয়।

‘’ভূমিস্খলনৰ বাবে হঠাতে বান্ধ ভঙাৰ ফলত সম্ভাৱ্য বৃহৎ ৰূপত ধ্বংস কাৰ্যৰ উপৰি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পৰা এই কৃত্ৰিম হ্ৰদে নামনিৰ বাসিন্দাসকলৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে,’’-তেওঁ কয়।

প্ৰতিবেদনখনে উল্লেখ কৰিছে যে পূৰ্বতে এনে ঘটনাৰ উদাহৰণ আছে। ২০০০ চনত য়াৰলং ছাংপোৰ অৱবাহিকাত এটা অস্থায়ী হ্ৰদ বিস্ফোৰণ হোৱাৰ ফলত বিশেষকৈ অৰুণাচলত জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছিল।

প্ৰতিবেদখনক কোৱা হৈছে যে আন বিশেষজ্ঞসকলেও এই বিপদৰ মোকাৱিলা কৰিবলৈ শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে।