NORTHEAST NOW (Assamese)

চীন সীমান্তত অক্সিজেনৰ অভাৱত কৰুণ মৃত্যু সেনা জোৱান, অসম সন্তান যোগেন্দ্ৰ ভূঞাৰ

May 29, 2018 8:39 pm · মিণ্টু দাস

ভাৰত-চীন সীমান্ত ( Indo-China Border )ৰ অৰুণাচল প্ৰদেশৰ টাটুৰ পাহাৰ শিখৰত অক্সিজেনৰ অভাৱত প্ৰাণ হেৰুৱাব লগা হ’ল অসম সন্তান, ভাৰতীয় সেনাৰ জোৱান যোগেন্দ্ৰ ভূঞাই।

নগাওঁ জিলাৰ ননৈ নাথ গাঁৱৰ যোগেন্দ্ৰ ভূঞাৰ যোৱা ২৪ মে’তে মৃত্যু হয় যদিও বৰফ আবৃত অতি দুৰ্গম সীমান্তৰ পৰা আজি ২৯ মে’তহে জোৱানজনৰ মৃতদেহ স্ব-গৃহ পাইহি। মাতৃ, পত্নী আৰু দুগৰাকী পুত্ৰ-কন্যা সন্তানক এৰি যোৱা জোৱানজনৰ মৃতদেহ আহি ঘৰ পোৱাৰ লগে লগে ঘৰখনত কান্দোনৰ ৰোল উঠে। অগণন লোকে শেষবাৰৰ বাবে তেওঁক এবাৰ চাবলৈ আহি ভিৰ কৰে ঘৰখনত।

সামৰিক মৰ্য্যাদাৰে সম্পন্ন কৰা সেনা জোৱান যোগেন্দ্ৰ ভূঞাৰ অন্তেষ্টিক্ৰিয়াৰ ভিডিঅ’ চাওক

ভূঞাৰ অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ সামৰিক মৰ্য্যাদাৰে নিজগৃ্হত আজি সম্পন্ন কৰা হয়। প্ৰচুৰ পৰিমাণে বৰফ পৰা বাবে ভাৰত-চীন সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত জোৱানজনে অক্সিজেনৰ অভাৱত ভুগি কৰুণভাৱে মৃত্যুমুখত পৰিব লগা হয় বুলি জানিব পৰা গৈছে।

Related News