NORTHEAST NOW (Assamese)

চোৰাং কাঠ ব্যবসায়ীৰ সৈতে বন বিষয়াৰ মিতিৰালি : দিহিং-পাতকাই অভয়াৰণ্যৰ কমিছে ঘনত্ব

December 19, 2017 7:36 pm · অভিক চক্ৰবৰ্তী
Updated: December 19, 2017 7:43 pm

ৰাজ্য চৰকাৰে মানুহৰ দখলৰ পৰা বনাঞ্চল মুক্ত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সমান্তৰালভাৱে অসমৰ অৰণ্যাঞ্চলৰ গছ-গছনিক কাঠৰ চোৰাং কাৰবাৰীৰ পৰা সুৰক্ষা দিয়াৰ বাবে কি কৰিছে? এই প্ৰশ্ন উত্থাপিত হয় তেতিয়া, যেতিয়া বন বিষয়াৰ চকুৰ আগতে চোৰাং কাঠৰ ব্যৱসায়ী তথা মাফিয়াজাতীয় লোকে অবৈধভাৱে মূল্যৱান গছ কাটি বন ধ্বংস অব্যাহত ৰাখে। ৰাজ্যখনৰ প্ৰায়বোৰ বনাঞ্চলতে এনেকুৱা কাঠ মাফিয়াৰ ৰাজত্ব চলা তথা বন বিষয়াৰ তেওঁলোকৰ সৈতে মিতিৰালিৰ অভিযোগ আজিৰ নহয়। তিনিচুকীয়া জিলাৰ পৰা দিহিং-পাতকাই বন্যপ্ৰাণী অভয়াৰণ্যতো কাঠ মাফিয়া তথা কাঠৰ চোৰাং কাৰবাৰীয়ে বন বিষয়াৰ সন্মুখতে মূল্যৱান গছ কাটি তাৰ কাঠ অৰুণাচললৈ চালান দি থকাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপন হৈ আহিছে। কাঠ মাফিয়া তথা চোৰাং কাৰবাৰীৰ উৎপাতত এতিয়া এসময়ত ঘন সেউজীয়া বনাঞ্চল হিচাপে সুনাম থকা অভয়াৰণ্যখনৰ এতিয়া বেছি অংশই পাতল হৈ পৰিছে। হোলোং গছবোৰ চোৰাং কাঠৰ ব্যৱসায়ীসকলৰ প্ৰধান লক্ষ্য হয় বুলি জানিব পৰা গৈছে, কাৰণ ইয়াৰ মূল্য সৰ্বাধিক।

‘অলপতে মাৰ্ঘেৰিটা ৰেঞ্জৰ লেখাজান বীট অফিচৰ অধীনৰ টকৌবাৰী আৰু ৰিয়েলবাৰীৰ পৰা চোৰাং কাৰবাৰীসকলে বহুকেইডাল হোলোং গছ কাটি নিবলৈ লৈছিল। আমি বন বিভাগক কেইবাবাৰো অভিযোগ দিয়াৰ পিছত তেওঁলোকে কাঠবোৰ জব্দ কৰে।’ এজন পৰিৱেশকৰ্মী দেৱজিৎ মৰাণে এন ই নাওক কয়। তেওঁ লগতে অভিযোগ কৰে যে কিছুমান দুৰ্নীতিপৰায়ণ বন বিষয়াৰ কাঠৰ চোৰাং ব্যৱসায়ীৰ সৈতে হাত আছে। ‘আগেয়ে দিহিং-পাতকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ঘন অৰণ্য হিচাপে এটা সুনাম আছিল। কিন্তু এতিয়া সেই অৰণ্য পাতল হৈ পৰিছে।’ মৰাণে কয়। তেওঁ কয় যে কাঠৰ মাফিয়াৰ দলে দিনৰ পোহৰতে অৰণ্যত সোমাই বন ধ্বংসৰ অভিযান চলাই থাকে। তেওঁলোকে প্ৰধানকৈ হোলোং গছকে লক্ষ্য কৰি লয়, কাৰণ এই গছৰ কাঠ অতি মূল্যৱান। আৰু তেওঁলোকৰ প্ৰধান বজাৰ হ’ল অৰুণাচল প্ৰদেশ।

যিসময়ত বনাঞ্চল ৰক্ষাৰ নামত নিৰীহ, খাটিখোৱা মানুহক দয়া-মায়াহীনভাৱে চৰকাৰে উচ্ছেদ কৰিছে, সেই সময়ত চকুৰ আগতে বন ধ্বংস কৰি থকা শক্তিশালী মাফিয়াক নিয়ন্ত্ৰণ কৰাত দেখুওৱা ব্যৰ্থতা বা অনীহা মন কৰিব লগীয়া।

Related News