NORTHEAST NOW (Assamese)

চোৰাং চিকাৰীক বন বিভাগৰ তথ্য দি সহায় কৰা যুৱকক গ্ৰেপ্তাৰ

November 21, 2017 6:31 am · এন ই নাও নিউজ নেটৱৰ্ক, কলিয়াবৰ:
Updated: November 21, 2017 6:34 am
গঁড় হত্যাকাণ্ডৰ লগত জড়িত আৰু চোৰাং চিকাৰীক বন বিভাগৰ অৱস্থান জনাই সহায় কৰি থকা দুজন স্থানীয় যুৱকক কলিয়াবৰৰ জখলাবন্ধা আৰক্ষীয়ে আজি পুৱা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা যুৱককেইজনৰ নাম হ’ল ক্ৰমে নিতুল হাজৰিকা আৰু চাহিদ আলী। নিতুল হাজৰিকাৰ ঘৰ কলিয়াবৰৰ দাৰিগজিত আৰু চাহিদ আলীৰ ঘৰ চিকনি বৰহোলাত। দুয়োজনে কাজিৰঙাৰ চোৰাং চিকাৰীক গঁড় হত্যাত সহায় কৰি আহিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। তেওঁলোকে চোৰাং চিকাৰীক বন বিভাগৰ মানুহৰ অৱস্থান ডাঁৰে ডাঁৰে জনাই আহিছিল বুলি জানিব পৰা গৈছে। যোৱা ২ আৰু ৪ নৱেম্বৰত হোৱা গঁড় হত্যাৰ লগতো দুয়োজন জড়িত থকাৰ কথা আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নিতুল কলিয়াবৰ মহকুমা আদালতৰ এগৰাকী কৰ্মচাৰী।

Related News