NORTHEAST NOW (Assamese)

চৰকাৰী চাকৰি নহয়, স্বনিয়োজনৰহে ইচ্ছা আছে নৱম স্থানপ্ৰাপ্ত শ্বেৰমন চিজাৰৰ

May 25, 2018 7:54 pm · অনিৰ্বাণ পাঠক
মাকদেউতাকৰ সৈতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থানপ্ৰাপ্ত শ্বেৰমন চিজাৰ।

২৫ মে’ত ঘোষিত ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা বিদ্যালয়সমূহৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত উচাহ-উদ্দীপনা পৰিলক্ষিত হয়। ৰাজ্যৰ আন প্ৰান্তৰ তুলনাত ৰাজধানী মহানগৰ গুৱাহাটীত ফলাফল ইমান আকৰ্ষণীয় নহয় যদিও মহানগৰীৰ দুখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মুঠ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী প্ৰথম দহটা স্থানৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰে তিনিগৰাকী খানাপাৰাস্থিত সুদৰ্শন পাব্লিক স্কুলৰ আৰু এগৰাকী ছেইণ্ট মেৰীজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ।

ছেইণ্ট মেৰীজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী শ্বেৰমন চিজাৰ ৯৭.৫ শতাংশ নম্বৰসহ নৱম স্থান লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে।

তেওঁ সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৯, ইংৰাজীত ৯৫, অসমীয়াত ৯৪ আৰু উচ্চ গণিতত ৯৭ নম্বৰ লাভ কৰিছে। মুঠ নম্বৰ ৫৮৫।

ঈৰ্ষণীয় ফলাফল দেখুৱাবলৈ সক্ষম হোৱা মেধাবী ছাত্ৰীগৰাকীয়ে আগন্তুক দুটা বছৰৰ বাবে একেখন বিদ্যালয়ৰে বিজ্ঞান শাখাত অধ্যয়ন কৰিব বুলি জানিবলৈ দিয়ে। শ্বেৰমন চিজাৰ মহানগৰীৰ বামুনীমৈদামৰ বাসিন্দা ব্যৱসায়ী আব্দুল শুকুৰ আৰু চাৰিকা লস্কৰৰ কন্যা।

মন কৰিব লগীয়া কথাটো হ’ল মেধাৱী ছাত্ৰীগৰাকীয়ে নিজৰ ভৱিষ্যৎ আঁচনি সন্দৰ্ভত নৰ্থ-ইষ্ট নাওক জানিবলৈ দি কয় যে তেওঁ চৰকাৰী বা বেচৰকাৰী খণ্ডত চাকৰিৰ কৰাৰ বিপৰীতে স্বনিয়োজিত হোৱাৰহে ইচ্ছা আছে।

শ্বেৰমনে নিজৰ এই সফলতাৰ আঁৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পিতৃ-মাতৃৰ উপৰি শিৱসাগৰৰ আই এ এচ আব্দুল জলিলৰ যথেষ্ট অৰিহণা আছে বুলি কৃতজ্ঞতাৰে প্ৰকাশ কৰে।

Related News