দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে অহা ৩১ মাৰ্চৰ ভিতৰত ১.৫ লাখ লোকক বৃত্তিমূলক প্ৰশিক্ষণ দিব চৰকাৰে

দক্ষতা বিকাশ কেন্দ্ৰৰ আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

নিবনুৱাৰে ভৰি থকা ৰাজ্যখনত দক্ষতাপূৰ্ণ মানৱ সম্পদ বৃদ্ধি কৰাটোক এক লক্ষ্য হিচাপে লৈ ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগে আজিৰ পৰা ৰাজ্যখনৰ বিভিন্ন ঠাইত দক্ষতা বিকাশ কেন্দ্ৰৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। আজি এই শুভাৰম্ভণি কৰা হয় কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে, য’ত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন্তি প্ৰজ্বলনৰ জৰিয়তে আনুষ্ঠানিকতা দিয়ে। দক্ষতা বিকাশ কেন্দ্ৰৰ শুভাৰম্ভণিৰ এই কাৰ্য্যসূচীটোত ভাগ লৈ সোণোৱালে কয়, ‘জ্ঞান আৰু দক্ষতা হ’ল জীৱনক সমৃদ্ধ কৰাৰ দুটা প্ৰধান উপাদান। এই দুটা বস্তুৰ অবিহনে আৰ্থ-সামাজিক বিকাশৰ গতি দ্ৰুত নহয়। আমাৰ যুৱসমাজে তেওঁলোকৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰি ৰাজ্যৰ বিকাশত অৰিহণা যোগাব লাগিব।’ তেওঁ কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ দক্ষতাপূৰ্ণ মানৱসম্পদৰ দ্বাৰাহে মজবুত কৰিব পৰা যাব। তেওঁ লগতে প্ৰধান মন্ত্ৰীৰ দেশৰ যুৱচামক দক্ষতাপূৰ্ণ কৰি তুলিবৰ বাবে ‘Skill India’ আঁচনিৰ মাজেৰে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ কয় অসমৰ বিভিন্ন ঠাইত দক্ষতা বিকাশ কেন্দ্ৰবিলাক স্থাপন কৰি ৰাজ্য চৰকাৰে প্ৰধান মন্ত্ৰীৰ এই অভিযানক সাকাৰ কৰিব খুজিছে।

আনহাতে নিজৰ বক্তব্যৰ মাজতে মুখ্য মন্ত্ৰীজনে কয় যে ৰাজ্য চৰকাৰে ইতিপূৰ্বে ছিংগাপুৰ চৰকাৰৰ সৈতে এখন বুজাবুজিৰ চুক্তিত উপনীত হৈছে, যাৰ অধীনত মঙলদৈ চহৰত আন্তঃৰাষ্ট্ৰীয় মানৰ এটা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হ’ব। উক্ত কেন্দ্ৰটোত দহহাজাৰ যুৱক-যুৱতীয়ে প্ৰশিক্ষণ ল’ব পাৰিব। সোণোৱালে কয় যে বিদেশত চাকৰিৰ নতুন সুযোগ সৃষ্টি কৰিবৰ বাবে চৰকাৰে বিদেশী ভাষা শিক্ষণ কেন্দ্ৰও স্থাপন কৰিব। অনুষ্ঠানটোত উপস্থিত থকা উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে অহা মাৰ্চৰ ভিতৰত ৰাজ্য চৰকাৰে এই দক্ষতা বিকাশ কেন্দ্ৰবোৰৰ জৰিয়তে প্ৰায় ১.৫ লাখ যুৱক-যুৱতীক বিভিন্ন বৃত্তিৰ বাবে প্ৰশিক্ষণ দিব।

মুখ্য মন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীৰ উপৰি আজিৰ অনুষ্ঠানটোত উপস্থিত আছিল লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, মুখ্য মন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব ভি কে পিপাৰছেনিয়া, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত আৰু সচিব আশুতোষ অগ্নিহোত্ৰী, আছাম স্কিল ডেৱেলপমেণ্ট মিশ্যনৰ পৰিচানল সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী আৰু দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ সঞ্চালক ৰিতুৰাজ বৰাও উপস্থিত আছিল।