চৰকাৰৰ দায়িত্বহীনতাৰ বাবেই গুৱাহাটীত ছবছৰতো আৰম্ভ নহ’’ল অনাময় আঁচনিৰ কাম

Swearage

গুৱাহাটী পৌৰ নিগমে যোৱা বছৰ গুৱাহাটী মহানগৰীক মলমুক্ত মহানগৰী হিচাপে ঘোষণা কৰিছে। কিন্তু মলমুক্ত মহানগৰী হিচাপে ঘোষণা কৰা গুৱাহাটী মহানগৰীৰ বস্তি এলেকাত এতিয়াও কেচা শৌচাগাৰতে মানুহে কাম চলাই আছে। কেঁচা শৌচাগাৰৰো ব্যৱস্থা কৰিব নোৱাৰা বহুতে আকৌ মুকলিতে মলত্যাগ কৰে। উত্তৰ পূৱৰ দুৱাৰমুখ বুলি চিহ্নিত গুৱাহাটীত এতিয়াও বিজ্ঞানসন্মত অনাময় ব্যৱস্থা গঢ়ি তোলা হোৱা নাই।

২০১৩ চনতে গ্ৰহণ কৰা গুৱাহাটী অনাময় আঁচনিখন ছবছৰৰ পিছতো ৰূপায়ণ নোহোৱাকৈ পৰি আছে। গুৱাহাটী মহানগৰত এটা বিজ্ঞানসন্মত অনাময় ব্যৱস্থা গঢ়ি তোলা আৰু দৈনিক সৃষ্টি হোৱা বৰ্জিত পানীবোৰ সঠিকভাৱে নিষ্কাশনৰ ব্যৱস্থা কৰাৰ বাবে ২০১৩ চনতে সেই সময়ৰ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰে পৰিকল্পনা হাতত লৈছিল।

তদানীন্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে জাপান ইণ্টাৰনেশ্যনেল কৰ্প’ৰেইশ্যন এজেন্সি (জাইকা)ৰ পৰা ঋণ লৈ এই অনাময় আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছিল। সেই মৰ্মে গুৱাহাটীত অনাময় আঁচনি ৰূপায়ণ কৰাৰ বাবে জাইকা আৰু অসম চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি সম্পন্ন হয়। চুক্তি মতে, জাইকাই আঁচনিখনৰ বাবে ১০০০ কোটি টকাৰ ঋণ অনুমোদন দিয়ে। ৰাজ্য চৰকাৰে আঁচনিখন ৰূপায়ণ কৰাৰ বাবে মুঠ ১,৩৭৫ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰে।

ইয়াৰে ১০০০ কোটি টকা জাইকাৰ পৰা ঋণ লৈ আৰু বাকী ৩৭৫ কোটি টকা ৰাজ্য চৰকাৰে নিজাববীয়াকৈ বহন কৰাৰ সিদ্ধান্ত লৈছিল। ৰাজ্য চৰকাৰে এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে গুৱাহাটী জলব’ৰ্ড (বৰ্তমান গুৱাহাটী মহানগৰ খোৱাপানী আৰু অনাময় ব’ৰ্ডক) ন’ডেল এজেন্সি হিচাপে নিয়োগ কৰিছিল। গুৱাহাটী খোৱাপানী যোগান প্ৰকল্প ৰূপায়ণৰো দায়িত্বত থকা এই ব’ৰ্ডখনে অনাময় আঁচনিখন ৰূপায়ণত কোনো গুৰুত্ব দিয়া নাই। মাত্ৰ আঁচনিখনৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন (ডি পি আৰ) প্ৰস্তুত কৰাৰ বাহিৰে আঁচনিখনৰ বাকী কোনো কামেই যোৱা ছবছৰত হোৱা নাই।

অনাময় আঁচনিখনৰ ডি পি আৰ তাহাল গ্ৰুপে প্ৰস্তুত কৰিছে।  ডি পি আৰ মতে, গুৱাহাটীক তিনিটা সংমণ্ডলত ভাগ কৰি আঁচনিখন ৰূপায়ণ কৰা হ’ব। প্ৰথম সংমণ্ডল– খানাপাৰাৰ পৰা ভৰলুমুখলৈ, দ্বিতীয় সংমণ্ডল ভৰলুমুখৰ পৰা বৰঝাৰলৈ আৰু তৃতীয় সংমণ্ডলে উত্তৰ গুৱাহাটীক সামৰিক লৈছে। আৱাসিক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ শৌচাগাৰ, স্নানাগাৰ, ৰান্ধনী ঘৰ আদিৰ পৰা ওলোৱা মল-মূত্ৰ আৰু বৰ্জিত পানী নিৰ্দিষ্ট পাইপেৰে বৰ্জিত পানী শোধন কেন্দ্ৰলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব। নিৰ্দিষ্ট পাম্প ব্যৱহাৰ কৰি বৰ্জিত পানীবোৰ পাইপেৰে বোৱাই নিয়াৰ ব্যৱস্থা কৰা হ’ব। প্ৰতিটো সংমণ্ডলতে ১৮টাকৈ পাম্পিং ষ্টেইশ্যন বহুওৱা হ’ব। প্ৰতিটো সংমণ্ডলতে প্ৰায় ৬০০ কিলোমিটাৰ পাইপ স্থাপন কৰা হ’ব।

বৰ্জিত পানী নিষ্কাশন কৰাৰ বাবে বৰাগাঁৱত এছ টি পি স্থাপনৰ বাবে ডি পি আৰত প্ৰস্তাৱ কৰা হৈছিল। এছ টি পিত অক্সিজেন বি অ’ ডি পদ্ধতিৰে বৰ্জিত পানী নিষ্কাশন কৰা হ’ব। এই পৰিশোধিত পানী অন্য কামত ব্যৱহাৰ কৰাৰ লগতে ব্ৰহ্মপুত্ৰত পেলোৱাৰ প্ৰস্তাৱ ডি পি আৰত দিয়া হৈছে। পৰিতাপৰ কথা যে আঁচনিখনৰ বাবে ঋণ অনুমোদনৰ পিছতো যোৱা বছৰত অনাময় ব’ৰ্ডৰ অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে আঁচনিখনৰ ডি পি আৰ প্ৰস্তুতৰ বাহিৰে কৰা দূৰৈৰ কথা এছ টি পি স্থাপন নিৰ্দিষ্ট স্থান নিৰ্বাচনেই কৰা হোৱা নাই। আঁচনিখনৰ বিভিন্ন দিশৰ নক্সা প্ৰস্তুত কৰা আৰু আঁচনিখনৰ কাম নিৰীক্ষণ কৰাৰ বাবে এতিয়ালৈকে প্ৰজেক্ট মেনেজমেণ্ট কনছালটেণ্ট (পি এম চি) বাছনি কৰাই হোৱা নাই।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে হওক, দুবছৰ সম্পূৰ্ণ কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে হওক কোনো এখন চৰকাৰে আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত সদিচ্ছা দেখুওৱা নাই। যি সময়ত বেংগালুৰু, নতুন দিল্লী, কলকাতা আদি মহানগৰত থকা অনাময় ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে নতুন নতুন প্ৰযুক্তি তথা পদ্ধতি ব্যৱহাৰ কৰিবলৈ ধৰিছে, তেনে সময়তে উত্তৰ-পূবৰ দুৱাৰমুখ বুলি পৰিচিত গুৱাহাটী মহানগৰীত এতিয়ালৈকে বিজ্ঞানসন্মত অনাময় ব্যৱস্থাটোৱেই গঢ়ি উঠা নাই।