চৰাইদেউৰ কানু চাহ বাগিচাত সন্দেহজনক আলফা (স্বাঃ)ৰ গুলী চালনা

কানু চাহ বাগিচা

অসম-অৰুণাচল সীমান্তৱৰ্তী চৰাইদেউৰ কানু চাহ বাগিচাত বুধবাৰে নিশা সন্দেহজনক আলফা (স্বাঃ)ৰ ১০-১২ জনীয়া এটা দলে প্ৰৱেশ কৰি শূন্যলৈ গুলী চালনা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে বুধবাৰে নিশা ৯-৩০ মান বজাত এই সন্দেহজনক আলফা (স্বাঃ)ৰ ১০-১২ জনীয়া দলটো বাগিচাখনত প্ৰৱেশ কৰে। দলটোৱে বাগিচাখনত প্ৰৱেশ কৰি বাগিচাখনৰ নিৰাপত্তাৰক্ষীক প্ৰবন্ধক গৰাকীৰ বিষয়ে সোধে। ফলত নিৰাপত্তাৰক্ষী গৰাকীয়ে দলটোক প্ৰবন্ধক গৰাকী সেই সময়ত ক’ত আছে সেই বিষয়ে অৱগত নহয় বুলি কয়। ইয়াৰ পিছতে ১০-১২ জনীয়া দলটোৱে বাগিচাখনৰ কৰ্মচাৰী সকলক ভিত্তিগ্ৰস্ত কৰাৰ উদ্দেশ্যেৰে শূন্যলৈ গুলী চালনা কৰে।

আনহাতে সন্দেহজনক আলফা (স্বাঃ)ৰ দলটো ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ আগতে অৰুণাচল প্ৰদেশৰ ফালে যোৱা বুলি জানিব পৰা গৈছে।

দলটোৰ দ্বাৰা সংঘটিত গুলীচালনা ঘটনাই নিৰাপত্তাৰক্ষীৰ গৃহটোৰ ক্ষতি কৰে যদিও এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এই কানু চাহ বাগিচাত আজি কেইমাহমানৰ পূৰ্বে কোনো নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে ধনদাবী পত্ৰ প্ৰেৰণ  কৰিছিল বুলি কোনো কোনো সূত্ৰই জানিবলৈ দিয়ে।