NORTHEAST NOW (Assamese)

চৰাইদেউৰ টিমনত বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবে যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু

April 21, 2018 4:18 pm · এন ই নাও নিউজ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায়ে বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে বিভিন্ন ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগা হৈ আহিছে। এই কথাকে পুনৰাবৃত্তি ঘটাই আজি(শনিবাৰ) চৰাইদেউ জিলাৰ টিংখাং উপ বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত মাহমৰা টিমনত এজন যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়।

প্ৰাপ্ত তথ্য মতে অঞ্চলটোত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী এটা খুঁটা বেকা হৈ সাধাৰণ ৰাইজলৈ যোগান ধৰা ২২০ ভল্টৰ খুঁটাত স্পৰ্শ কৰে। ফলত অঞ্চলটোৰ হৰিনাথ চাচা নামৰ যুৱকজনে নিজ ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ যাওঁতেই বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবটি ল’ব লগা হয়।

উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ টিংখাং উপ সংমণ্ডলৰ অন্তৰ্গত মাহমৰা টিমনত দীৰ্ঘ দিন ধৰি এই উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী খুঁটাটো বেকা হৈ আছে যদিও বিভাগটোৱে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আনকি স্থানীয় ৰাইজে সংমণ্ডলটোক অৱগত কৰাৰ পিছতো কাণ-সাৰ নাই বিভাগটোৰ যাৰ ফলত আজি যুৱক জনে কৰণ মৃত্যুক সাবটি ল’ব লগীয়া হয়।

আনহাতে মৃত হৰিনাথ চাচা নামৰ যুৱকজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন সক্ৰিয় সদস্য আছিল বুলি জানিব পৰা গৈছে।

Related News