NORTHEAST NOW (Assamese)

চৰাইদেউৰ ৰহন বৰটানীত পিতৃ গৃহৰ পদূলিত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ বিবাহিত মহিলা

May 12, 2018 4:59 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অধীনৰ ৰহন বৰটানীত আজি পুৱা নিজ পিতৃ গৃহৰ পদুলি মুখত এগৰাকী বিবাহিত মহিলা হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয়।

উল্লেখযোগ্য যে ৰহন বৰটানী গাঁৱৰ মহেন গগৈৰ বিবাহিত কন্যাক হাত-ভৰি গামোচাৰে বান্ধি থোৱা অৱস্থাত মহেন গগৈৰ ঘৰৰ পদূলিৰ মুখত উদ্ধাৰ হোৱাৰ পিছতে বিবাহিত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে স্বামী গৃহৰ পৰিয়ালৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

আনহাতে আৰক্ষীয়ে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত বিবাহিত মহিলাগৰাকীৰ স্বামী হৰেন ফুকনৰ লগতে ককায়েক কিৰন ফুকনকো আটক কৰি ঘটনাৰ সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

ইফালে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীক পৰিয়ালৰ লোকে সাপেখাতী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। মহিলাগৰাকীৰ ভাষ্য অনুসৰি মহিলাগৰাকীক স্বামীগৃহৰ পৰাই কোনো অচিনাক্ত লোকে মুখত ক’ল কাপোৰ বান্ধি পৰৱৰ্তী সময়ত মহিলাগৰাকীক পিতৃ গৃহৰ পদূলিৰ মুখত পেলাই থৈ আহে।

অৱশ্যে আৰক্ষীৰ অনুসন্ধানতহে ঘটনাৰ প্ৰকৃত ৰহস্য ওলাব।

Related News