NORTHEAST NOW (Assamese)

ছ’চিয়েল মিডিয়াত অপপ্রচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ আৰক্ষী : দুদিনত ৩৬জনক গ্ৰেপ্তাৰ

June 13, 2018 11:19 am · এন ই নাও নিউজ

ডকমকা-কাণ্ডই জোকাৰি গৈছে আৰক্ষী প্ৰশাসনকো। ঘটনাটোত তৎকালীন আৰু সময়োচিত ব্যৱস্থা নোলোৱা বুলি আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উঠা দেখা গৈছে। আনহাতে ছ’চিয়েল মিডিয়াত সোপাধৰাৰ অপপ্ৰচাৰ তুংগত উঠা সত্ত্বেও এইবোৰ ৰোধ কৰিবৰ বাবে চৰকাৰ-আৰক্ষী প্ৰশাসনে কোনো তৎপৰতা নেদেখুৱালে বুলি অভিযোগ উঠাৰ পিছত চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক তৎপৰ হৈ পৰা দেখা গৈছে। আৰক্ষীয়ে ইতিমধ্যে ছ’চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে স্মাৰ্ট ছ’চিয়েল মিডিয়া চেণ্টাৰ গঠন কৰি দিছে।

ফলত যোৱা দুদিনত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা ছ’চিয়েল মিডিয়াত সোপাধৰাৰ খবৰকে ধৰি উৰাবাতৰি আৰু অন্যান্য অপপ্ৰচাৰ কৰা ৩৬জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনহাতে সাম্প্ৰদায়িক মন্তব্য বা ঘৃণা-বাৰ্তা বিয়পাই সংঘাত সৃষ্টি কৰিব খোজাসকলৰ ওপৰতো কঠোৰ হৈছে আৰক্ষী।

মন কৰিব লগীয়া যে গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত ডকমকা কাণ্ডৰ পিছত কাৰ্বি সম্প্ৰদায়ক লক্ষ্য কৰি আপত্তিজনক ঘৃণাৰ মন্তব্য কৰা লোকো আছে। নগাৱঁৰ কাকীৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিৰ সভাপতি হিৰণ্য বৰাকো এই অপৰাধত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি নগাৱঁৰে মৃদুপৱন মুক্তিৰ নামৰ এজনকো কাৰ্বি জনগোষ্ঠীৰ বিৰুদ্ধে ঘৃণা প্ৰচাৰৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ইতিমধ্যে গঠন কৰি দিয়া স্মাৰ্ট ছ’চিয়েল মিডিয়া চেণ্টাৰে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰায় ১০০টা ফে’চবুক আৰু টুইটাৰ একাউণ্ট চিনাক্ত কৰিছে, যিবোৰৰ পৰা সঘনে আপত্তিজনক মন্তব্য দিয়া বা শ্বেয়াৰ কৰা হৈছে। কিন্তু তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল এইবোৰ একাউণ্টৰ সিংহভাগেই ভুৱা একাউণ্ট বুলি আৰক্ষী নিশ্চিত হৈছে। এই কথাই প্ৰমাণ কৰে যে মানুহে উদ্দেশ্য প্ৰণোদিতভাৱেই ঘৃণা-বাৰ্তা বা সোপাধৰাৰ অপপ্ৰচাৰ চলাই আছে।

Related News