ছ’চিয়েল মিডিয়াত কৰা সাম্প্ৰদায়িক মন্তব্যৰ ফলত শংকাত ভূগি গুৱাহাটী এৰিছে বহু ছাত্ৰ-ছাত্ৰীয়ে : দীপাংক নাথ

আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ফাইল ছবি।

‘একাংশ লোকে ছ’চিয়েল মেডিয়াৰ জৰিয়তে সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰিস্থিতিৰ শংকাত ভূগি কেইবাশ ছাত্ৰ-ছাত্ৰী গুৱাহাটী এৰি কাৰ্বি আংলং অথবা ডিমা-হাচাও, নাগালেণ্ড, মণিপুৰলৈ ঘূৰি যাবলগীয়া হৈছে।’ আজি পানবজাৰস্থিত হোটেল প্ৰাগ কণ্টিনেণ্টেলত অনুষ্ঠিত হোৱা ২৮ জনগোষ্ঠীয় সংগঠনৰ বৈঠকৰ অন্তত সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে।

যিসকল ছাত্ৰ-ছাত্ৰী শংকিত হৈ শিক্ষানুষ্ঠান এৰি নিজ বাসভূমিলৈ উভটি গৈছে, সেইসকলৰ প্ৰতি আহ্বান জনাই আছুৰ সভাপতি গৰাকীয়ে কয় যে  ‘তেওঁলোকৰ জ্ঞাতাৰ্থে ২৮ জনগোষ্ঠীয় সংগঠনে নিৰ্ভয়ে ক’ব খুজিছো, তেওঁলোকৰ শৈক্ষিক যাত্ৰাত যাতে কোনো কাৰণতে যাতে ব্যাঘাত নজন্মে।’

তাৰোপৰি সভাপতি গৰাকীয়ে ‘পানজুৰিত সংঘটিত হোৱা নৃশংস ঘটনাৰ পিছত কিছুসংখ্যকে ছ’চিয়েল মেডিয়াৰ জৰিয়তে অপ-প্ৰচাৰ চলোৱাৰ লগতে বৃহত্তৰ অসমীয়া জাতিক ভাঙি থান-বান কৰিব পৰা কিছুমান বক্তব্য ৰাখিছে।’ বুলি উল্লেখ কৰি তেওঁ লগতে কয় য়ে, ‘ইয়াৰে কিছুসংখ্যকক আৰক্ষীয়ে আটক কৰিছে যদিও কিছুসংখ্যকক আটক কৰিব পৰা নাই। এটা বিশেষ গোষ্ঠীৰ বিৰুদ্ধে বক্তব্য ৰখাসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই অপশক্তি বিলাকে যাতে মাৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰ সচেতন হোৱাটো দৰকাৰ।’

আনহাতে কাৰ্বি আংলঙত মাত্ৰ এখনেই মহাবিদ্যালয় আছে য’ত ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰাৰ বাবে হাহাকাৰ লগোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ‘ভাড়াঘৰ তথা হোষ্টেলৰ মালিক পক্ষই অথবা অন্যান্য যিসকল ব্যক্তিয়ে হোষ্টেল অথবা ভাড়াঘৰ এৰি যাবলৈ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দেশ দিছে সেইসকলকো চৰকাৰে সৈমান কৰাব লাগে।’

তাৎপৰ্য্যপূৰ্ণভাবে চৰকাৰৰ হেমাহিৰ বাবেই এনেদৰে দুজন উদীয়মান যুৱকে দুৰ্বৃত্তৰ হাতত নিৰ্মমভাৱে প্ৰহৃত হৈ প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি অভিযোগ তুলি তেওঁ কয় যে  ‘ছ’চিয়েল মিডিয়াত এসপ্তাহ আগৰে পৰা প্ৰচাৰ হৈ থকা বিষয় এটাৰ বিৰুদ্ধে যদি চৰকাৰে গাঁৱে-ভূঞে প্ৰচাৰ অভিযান চলালেহেঁতেন, তেন্তে এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ নাপালেহেঁতেন।’

ডকমকাৰ পানজুৰি গাঁৱত যি পৈশাচিক ঘটনা সংঘটিত হৈছিল, সেই ঘটনাক ২৮ জনগোষ্ঠীয় সংগঠনৰ যৌথ সভাই তীব্ৰ ভাষাৰে গৰিহণা দিয়া বুলি মন্তব্য কৰাৰ লগতে নাথে কয় যে প্ৰশাসনে দোষী ব্যক্তিসকলক অতি শীঘ্ৰে ফাষ্টট্ৰেক আদলতৰ জৰিয়তে বিচাৰ কৰি শাস্তি প্ৰদানৰ কৰিব লাগে।