NORTHEAST NOW (Assamese)

ছাজিদুল ইছলাম সোঁৱৰণি ১৬ বছৰ অনূৰ্ধ্বৰ প্ৰাইজমানী ফুটবলত চেম্পিয়নৰ খিতাপ অৰ্জন ‘আভা’ৰ

April 22, 2018 8:17 pm · পুলেন্দ্ৰ দাস

আভা স্প’ৰ্টচ  এণ্ড এডুকেশ্বনেল ফাউণ্ডেচনৰ উদ্যোগত তথা বৰপেটা জিলা প্ৰশাসনৰ সহযোগত বৰপেটাত অনুষ্ঠিত ছাজিদুল ইছলাম সোঁৱৰণি ১৬ বছৰ অনূৰ্ধ্বৰ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত টীম আভাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

উত্তৰ বৰপেটা হাইস্কুলৰ খেল পথাৰত দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত টীম আভাই বাৰাদি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰক ট্ৰাইবেকাৰৰ সহায়ত ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

খেলখনৰ দ্বিতীয়াৰ্ধত বাৰাদিত জোনমনি দাসে এটা গ’ল কৰি দলক অগ্ৰগতি প্ৰদান কৰে যদিও তাৰ কিছু সময় পিছতে ছাদ্দাম হুছেইনে গ’ল স্ক’ৰ কৰি খেলখনত সমতা স্থাপন কৰে। নিৰ্ধাৰিত সময়লৈ খেলখন ১-১ গ’লত অমীমাংসিত হিচাপে সামৰণি পৰাত ট্ৰাইবেকাৰৰ সহায়ত টীম আভাই ৪-২ গ’লত আৰু সামগ্ৰীক ভাৱে ৫-৩ গ’লত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।

খেলৰ অন্তত আভাৰ সভাপতি হজৰত আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান সভাত জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকা, চিকিৎসা বিষয়া ডাঃ আব্দুল কদ্দুছ শিকদাৰ, জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি মনোজ কুমাৰ পাঠক, সমাজ কৰ্মী এম হাবিবুল্লা, দুলাল সৰকাৰ, আভাৰ সম্পাদক তথা প্ৰশিক্ষক আলতাপ হুছেইন, ট্ৰফী দাঁতাৰ পৰিয়াল বৰ্গৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’ল কীপাৰ হিচাপে আৰমান আহমেদ, ৰক্ষণ বিভাগত স্বাহাদত আলী, শ্ৰেষ্ঠ গ’ল দাতা আশিক ইকবাল ফৰিদ আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে চাদ্দাম হুছেইনক বঁটা প্ৰদান কৰা হয়। চেম্পিয়ন দলক ট্ৰফীৰ লগতে নগদ দহ হাজাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা লগতে বিজেতা দলক ট্ৰফীৰ সৈতে নগদ সাত হাজাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে।

Related News