NORTHEAST NOW (Assamese)

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ, প্ৰতিষেধক ছিটা সন্দৰ্ভত বৰপেটা টাউন হাইস্কুলত অভিভাৱক সভা

April 28, 2018 10:02 pm · পুলেন্দ্ৰ দাস

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ উন্নত কৰাৰ লগতে প্ৰতিষেধক ছিটা প্ৰদান সন্দৰ্ভত আজি বৰপেটা টাউন হাইস্কুলত এখন অভিভাৱক সভা অনুষ্ঠিত হয়।

বৰপেটা টাউন হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি হুছেইন আলীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাখনত ডা০ অজিত কুমাৰ চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিবলগা ৰুবেলা ভেকচিনৰ লগতে স্বাস্থ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

ইয়াৰ উপৰি সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিবেকাৰঞ্জন ৰায় চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ ওপৰত চমু বক্তব্য প্ৰদান কৰে।

দুই শতাধিক অভিভাৱকে অংশগ্ৰহণ কৰা এই সভাখনত বিদ্যালয়খনৰ প্ৰধান শিক্ষক নজিবুল হকৰ লগতে বিদ্যালয়খনৰ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত আছিল।

Related News