NORTHEAST NOW (Assamese)

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত চুৰি

July 15, 2018 5:03 pm · মানস প্ৰতিম গগৈ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত চুৰিকাণ্ড সংঘটিত হোৱাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ১ নং মাকুম পথাৰস্থিত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ছাত্ৰ মুক্তি সংগ্ৰমা সমিতিৰ আঞ্চলিক কাৰ্যালয়টো ২১ জুনৰ পৰা সাংগঠনিক কামত সদস্য সকল ব্যস্ত থকাৰ বাবে বন্ধ আছিল।

আনহাতে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকল কাৰ্যালয়টোত উপস্থিত হোৱাত এই চুৰিকাণ্ড ঘটনা পোহৰলৈ আহে। কাৰ্যালয়টোত ব্যৱহিত বহু আচবাবৰ লগতে বহু যাৱতীয় কাগজপত্ৰও চোৰে চুৰি কৰি নিয়ে।

ইতিমধ্যে সংগঠনটোৱে মাৰ্ঘেৰিটা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগতে চুৰিকাণ্ডৰ লগত জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰে কৰায়ত্ত কৰি চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈও দাবী জনায়।

সগংঠনটোৰ কৰ্মী সকলে জানিবলৈ দিয়া মতে পূৰ্বতেও কোনো দুৰ্বৃত্তই কাৰ্যালয়টোৰ তলা ভাঙিবলৈ চেষ্টা কৰিছিল।

Related News