ছিংগাপুৰত অনুষ্ঠিত মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল নগাঁৱৰ ছৰিফুল শ‌ইকীয়াৰ

344b65c0-108a-4f41-8918-f526d56d36cd

দ্বিতীয স্থান দখল কৰা ছৰিফুল শইকীয়া ফটো উৎস : ফেচবুক

ছিংগাপুৰত ১ জুলাই অৰ্থ্যৎ দেওবাৰে অনুষ্ঠিত হোৱা ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন (World Fitness Federation) য়ে আয়োজন কৰা মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাত নগাঁৱৰ শৰীৰ চৰ্চাবিদ ছৰিফুল শইকীয়াই দ্বিতীয় স্থান দখল কৰি ৰাজ্যবাসীৰ লগতে দেশবাসীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে প্ৰতিযোগিতাখনত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা ছৰিফুল শ‌ইকীয়াই ৮০ কেজি শাখাত প্ৰতিদ্বণ্ডিতা আগবঢ়ায় দ্বিতীয় স্থান দখল কৰে।

অসমৰ এইগৰাকী শৰীৰ চৰ্চাবিদে প্ৰতিযোগিতাখনত দ্বিতীয় স্থান দখল কৰাৰ পাছত ছ’চিয়েল মিডিয়া ফেচবুকত মন্তব্য কৰি কয়, ‘ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনে আয়োজন কৰা য়ুনিভাৰ্ছত মই দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছো। সঁচাই মই বহুত সুখী। মোক সহায় সহযোগ কৰা তথা মোৰ হৈ প্ৰাৰ্থনা কৰা সকলো বন্ধু বান্ধৱীকে ধন্যবাদ জ্ঞাপন কৰিছো’।

ইয়াৰ উপৰি শইকীয়াই ফেচবুকত দিয়া এটা ভিডিঅ’ৰ জৰিয়তে উল্লেখ কৰি কয় যে ভাৰত তথা অসমৰ হৈ মেডেল কঢ়িৱাবলৈ সক্ষম হোৱাত মই অত্যন্ত সুখী।

উল্লেখ্য যে ছৰিফুলে ইয়াৰ পূৰ্বে তিনিবাৰ মিষ্টাৰ ইণ্ডিয়া খিতাপ লাভ কৰাৰ লগতে বিভিন্ন দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণেৰে খিতাপ দখল কৰি নগাঁৱৰ লগতে সমগ্ৰ অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।