ছিকিমত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ধ্বংস আৰক্ষীৰ

শনিবাৰে ৰাতিপুৱা ইষ্ট ছিকিমৰ চিচেৰ জিলা আদালত চৌহদত বৃ্হৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ধ্বংস কৰে ছিকিম আৰক্ষীৰ চি আই ডি শাখাই।

ইষ্ট ছিকিম জিলাৰ ৭ খন আৰক্ষী থানাই জব্দ কৰা কাঁহৰ দৰৱকে ধৰি ১৩ ৰকমৰ নিচাযুক্ত দ্ৰব্য ধ্বংস কৰা হয়। ধ্বংস কৰা নিচাযুক্ত দ্ৰব্যৰ ভিতৰত আছে Spasmo proxyvonৰ ২৫৪৫৬ টা কেপছুল, Nitrosum-10ৰ ২৮৩২ টা টেবলে’ট, ৯২৯ বটল কাঁহৰ দৰৱ আৰু আধা কে’জি গাঞ্জা।

আদালত পৰিদৰ্শক (পূব) উপ আৰক্ষী অধীক্ষক চেৰিং য়াংজমে জনাই যে ছিকিম এণ্টি ড্ৰাগছ এক্ট, ২০০৬ৰ অধীনত জব্দ কৰা এই নিচাযুক্ত দ্ৰব্যসমূহৰ সন্দৰ্ভত পঞ্জীকৃত ৫৯ টা গোচৰ আদালতে নিষ্পত্তি কৰিছে, গোচৰসমূহৰ পুনৰ আবেদন কৰাৰ সময়ো উকলিছে আৰু পৰিৱেশৰ হানি নকৰাকৈ এইসমূহ ধ্বংস কৰিবৰ বাবে নিৰ্দেশ দিছে।