ছিকিমত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে চাৰিজন যুৱ ফুটবলাৰৰ

2-57-1517113867-289932-khaskhabar

প্ৰতিনিধিত্বমূলক চিত্ৰ

ছিকিমত সংঘটিত এক কৰুণ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে ৰাজ্যখনৰ চাৰিগৰাকীকৈ প্ৰতিভাৱান যুৱ ফুটবলাৰৰ । এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যখনতে বৈছে শোকৰ বন্যা।

জানিব পৰা মতে ফুটবলাৰ কেইজনে ৰাজ্যখনৰ খামদঙত এখন ফুটবল মেচ খেলিবলৈ গৈছিল। আৰু মেচখন অন্ত পৰাৰ পাছত এখন বলেৰ’ বাহনেৰে নিজ গৃহলৈ উভটি আহি থাকোতে পূব ছিকিমৰ দিকচু-ৰেকডং পথত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

অতি ভয়ংকৰ তথা শোকাৱহ পথ দুৰ্ঘটনাটোত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই চাৰিগৰাকীকৈ উদীয়মান ফুটবলাৰে। নিহত ফুটবলাৰ কেইজনক ক্ৰমে সতীশ সিং, তাৰা ছেত্ৰী, সন্দেশ ৰায় আৰু ৰাজ কুমাৰ ৰায় বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনাটোত বলেৰ’ বাহনখনৰ চালকৰ লগতে আন পাঁচজন খেলুৱৈ গুৰুতৰভাৱে আহত হয়। আহত বিকাশ সোনম, তিলক শৰ্মা, অৰুণ ৰায়, আশিস ৰায়, অৰ্পণ ৰায় আৰু বিনোদ তামাঙক ততাতয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

ইফালে ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ খেলুৱৈ কেইজনৰ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।