ছিকিমৰ ইষ্ট ডিষ্ট্ৰিক্টত জনসেৱা অভিযান আৰম্ভ মুখ্য মন্ত্ৰী পৱন চামলিঙৰ

chamling-jan-seva-570x320

ছিকিমৰ ইষ্ট ডিষ্ট্ৰিক্টত  মুখ্য মন্ত্ৰী পৱন চামলিঙে তেওঁৰ জনসেৱা অভিযান আৰম্ভণি কৰিছে । সোমবাৰৰ পৰা খামদং আৰিটাৰত থকা গণেশৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্য মন্ত্ৰীয়ে তেওঁৰ এই জনসেৱা অভিযান আৰম্ভ কৰে।

মন্দিৰ প্ৰাংগণত মন্ত্ৰীগৰাকীয়ে পূজা আৰু হোম সম্পন্ন কৰাৰ পাছত স্থানীয় লোক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে।

তাৰ পাছত মুখ্য মন্ত্ৰীয়ে দিনটোৰ প্ৰধান কাৰ্যসূচীৰ স্থান ছিমিক গুম্ফালৈ গৈ তাত পূজা সম্পন্ন কৰে।

গুম্ফা লনত সমৱেত হোৱা জনতাৰ আগত মুখ্য ৰাজ্যখনৰ প্ৰতি থকা মন্ত্ৰীয়ে তেওঁৰ চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰি সকলো স্তৰৰে জনসাধাৰণৰ সমান বিকাশ সাধন কৰিব বুলি কয়।

তেওঁ কয় যে ৰাজ্যখনৰ সকলোকেইটা সমষ্টিলৈকে সম্পন্ন কৰা চৰকাৰৰ ৩২ দিনীয়া ভ্ৰমণে কোনোৱেই যাতে অধিকাৰ, বিশেষাধিকাৰ আৰু সুযোগৰ পৰা বাদ পৰি নেয়ায় তাত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ তাকেই যে সূচায়।

ছাত্ৰ আৰু যুৱসমাজক তেওঁ নিজৰ বুদ্ধিমত্বা ব্যৱহাৰ কৰি ভুল –শুদ্ধ বিচাৰ কৰি নেতিবাচক মত সৃষ্টিকৰ্তাসকলৰ দ্বাৰা প্ৰভাৱিত নহ’বলৈ আহ্বান জনায়।

তেওঁ আকৌ কয় যে চৰকাৰে শিক্ষাত সবাতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে আৰু দুখীয়াতকৈও দুখীয়াসকলেও যাতে উন্নতমানৰ শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰা হৈছে।

মুখ্য মন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ মানসিকতাৰ পৰিৱৰ্তন কৰি চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগী, উৎপাদনকৰ্তা আৰু নিয়োগকৰ্তা হবলৈ উৎসাহিত কৰে।

চৰকাৰী কৰ্মচাৰীসকলক সম্বোধন কৰি মুখ্য মন্ত্ৰীয়ে কয় যেকৰিছে। চৰকাৰে দৰমহা আয়োগ বাস্তৱায়িত কৰিছে আৰু বিভিন্ন সামৰ্থ্যৰ অন্তৰ্গত কৰ্মৰত চাকৰিয়ালসকলৰ বাবে দৰমহা, বানছ আদি বৃদ্ধি কৰিছে।

জৈৱিক কৃষিৰ ওপৰত বক্তব্য ৰাখি তেওঁ ব্যাখ্যা কৰিছে যে জৈৱিক পদ্ধতিৰ কৃষিৰ প্ৰধান লক্ষ্য হৈছে পৰিৱেশতন্ত্ৰ স্বাস্থ্যসন্মত কৰি ৰখাৰ লগতে মানুহৰো স্বাস্থ্য ভালে ৰখাটো।