ছিকিমৰ পাইন গছে সমাধা কৰিব পাৰে উত্তৰ-পূবৰ শক্তি সংকট

পাইনৰ সৰা কাঁইটৰ পৰা জৈৱ ইন্ধন তৈয়াৰ কৰা এক উচ্চাকাংক্ষী প্ৰকল্প হাতত লৈছে ভাৰতৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR)-এ। এই পাইলত প্ৰকল্পটোৰ উদ্দেশ্য হৈছে ভাৰতৰ ক্ৰমবৰ্ধিত শক্তিৰ প্ৰয়োজন পূৰণ কৰা। এই প্ৰকল্পটোত ৰেছিনসমৃদ্ধ আৰু উচ্চ কেলৰি মানযুক্ত শুকান পাইনৰ পাত আৰু কাঁইটৰ পৰা টাৰ্পেনটাইন তেল আহৰণ কৰা হ’ব। অৱশিষ্ট অংশ জৈৱ ইন্ধন প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰা হ’ব। উল্লেখযোগ্য যে ছিকিমৰ বৃহৎ অংশ পাইন গছ বিশেষকৈ চিৰ পাইনেৰে (chir pine) ভৰা। জন্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ছিকিমৰ প্ৰায় ১.৫ মিলিয়ন হেক্টৰ অঞ্চল হিমালয় অৰ্ধ-বিষুৱীয় পাইন অৰণ্য অঞ্চলৰ অন্তৰ্ভুক্ত। এই অঞ্চল হিমালয়ৰ নিম্ন অংশৰ প্ৰায় ৩ হাজাৰ কি.মি. এলেকা জুৰি বিস্তৃত হৈ আছে। যদিও পাইন ভাৰতত দ্বিতীয় সৰ্বাধিক ৰোপণ হোৱা গছ, তথাপি বনাঞ্চল ধ্বংসৰ ফলত ইয়াৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। চি এছ আই আৰৰ ডেৰাডুনস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অব পেট্ৰ’লিয়ামে উত্তৰাখণ্ড চৰকাৰৰ সহযোগিতাত এই প্ৰকল্পটো হাতত লৈছে। তাৰোপৰি এই প্ৰকল্পটোৰ প্ৰতি হিমাচল প্ৰদেশ চৰকাৰেও আগ্ৰহ প্ৰকাশ কৰিছে। উত্তৰাখণ্ডৰ এটা কোম্পানীয়ে পাইন কাঁইট বিদ্যুৎ উৎপাদনৰ কেঁচামাল হিচাপে ইতিমধ্যে ব্যৱহাৰ কৰি আহিছে। হিমাচলৰ অন্য এটা চিমেণ্ট কোম্পানীয়ে জৈৱ ইন্ধন প্ৰস্তুতিৰ বাবে অন্য দাহ্য পদাৰ্থৰ লগতে পাইন গছৰ কাঁইটো ব্যৱহাৰ কৰিছে।