NORTHEAST NOW (Assamese)

ছিকিমৰ পৰম্পৰাগত সাজ পিন্ধি শিশুৰ সংগী হ’ব আধুনিকা বাৰ্বি

May 8, 2018 4:41 pm · এন ই নাও নিউজ

ভাৰতৰ বাৰে ৰহণীয়া ৰঙৰ দ্বাৰা অনুপ্ৰাণিত হৈ বাৰ্বি পুতলাৰ প্ৰস্তুতকৰ্তা মাটেল টয়জে এলানি নতুন বাৰ্বিপুতলা বজাৰত উলিয়াই দিছে। এই পুতলাসমূহৰ মাজত আছে ছিকিমত বাস কৰা ভূটীয়া সম্প্ৰদায়ৰ সংস্কৃতি আৰু পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত সাজপাৰেৰে সজ্জিত বাৰ্বি পুতলা।

এই শেহতীয়াকৈ বজাৰত উপলব্ধ হোৱা ‘ভাৰতৰ ৰং’ শীৰ্ষক বাৰ্বি পুতলাসমূহক ছিকিমৰ ভূটীয়া সম্প্ৰদায়ৰ মহিলাসকলে পৰিধান কৰা বাখু নামৰ শৰীৰত মেৰিয়াই লোৱা পোছাক পৰিধান কৰোৱা হৈছে।

এই কাপোৰ সাজৰ ৰঙা আৰু ইয়াত পৰম্পৰাগত নক্সা অংকিত কৰা আছে। পোছাকযোৰৰ দাতিত আৰু বাহুত নীলা ৰং আছে। বাৰ্বিৰ চুলিকোচা ছিকিমৰ বাসিন্দাসকলৰ দৰে ঘন ক’লা বৰণৰ। বাৰ্বি পুতলাৰ বৰ্ণনাত (পেকেটত লিপিবদ্ধ) কোৱা হৈছে যে বাৰ্বিয়ে ছিকিমত অৱস্থিত এটা গোম্পালৈ ভ্ৰমণ কৰিছিল। গোম্পা হৈছে ছিকিমৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ শিক্ষাৰ কেন্দ্ৰ আৰু পৱিত্ৰতাৰ প্ৰতীক।

‘ভাৰতৰ ৰং’ শৃংখলাটোত বাৰ্বিক ৬টা নতুন অৱতাৰত দেখা পোৱা যাব। বাৰ্এবিৰ এই ৬টা অৱতাৰ ভাৰতৰ ৬টা ঐতিহ্যপূৰ্ণ স্থানৰ সৈতে সম্পৰ্কিত। এই শৃখলাটোৰ প্ৰতিটো পুতলাই ভাৰতীয় সৌন্দৰ্যৰ দ্বাৰা অনুপ্ৰাণিত। বাৰ্বিক অজন্তা ইলোৰা, আগ্ৰা আদি ভাৰতীয় ঐতিহ্যৰ স্থানসমূহৰ সৈতে মসৃণভাৱে সংযুক্ত কৰা হৈছে।  বাৰ্বিৰ এই নতুন সংগ্ৰহে পৰম্পৰাগত সাজপাৰৰ সাময়িক নক্সাসমূব প্ৰতিফলিত কৰিছে।

এই উপাদানসমূহ পুতলাসমূহৰ নক্সাকৰম আৰু পেকেজিঙৰ সৈতে সুন্দৰকৈ যোগ কৰা হৈছে। ছিকিমৰ সাজপাৰ পিন্ধা বাৰ্বিৰ পেকেজিঙত বৌদ্ধ মঠসমূহৰ পৰম্পৰাগত নক্সা অংকণ কৰা আছে।

Related News