ছেপনত সেনাৰ হাতত দুৰ্ধৰ্ষ আলফা (স্বাঃ) সদস্য আটক

IMG-20180809-WA0148

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উজনি অসমত হই এলাৰ্ট জাৰী হৈ থকাৰ সময়তে ভাৰতীয় সেনাৰ দাও বিভিজনৰ অন্তৰ্গত মাইবেলা সেনা শিবিৰে আৰক্ষীৰ সহযোগত এজন দুৰ্ধৰ্ষ আলফা(স্বাঃ) সদস্যক আটক কৰিবলৈ সক্ষম হৈছে। সেনা চোৰাংচোৱা সূত্ৰৰ পম খেদি সেনা শিবিৰৰ সেনাৰ এটা দলে এটা সফল অভিযৈনত আলফাৰ (স্বাঃ)এই সদস্যজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত বলীন বৰুৱা (৪২)ৰ ঘৰ মৰাণৰ নিখালোঘুগুৰা বৰবামত।অভিযানকাৰী সেনা-আৰক্ষীৰ যুটীয়া দলটোৱে  ধৃত আলফা সদস্যজনৰ পৰা এটা ০.২২ ব’ৰৰ পিষ্টল, ৬ ৰাউণ্ড সজীৱ গুলী, এটা মেগাজিন আৰু এটা মোবাইল ফোন জব্দ কৰিছে।

আলফাৰ অ’ভাৰগ্ৰাউণ্ড সদস্যজনক বৰ্তমান জেৰা কৰি থকা হৈছে। জেৰাত সদস্যজনে স্বীকাৰ কৰিছে যে স্বাধীনতা দিৱসৰ দিনা কূটাঘাত কৰিবলৈ তেওঁৰ ওপৰত দায়িত্ব দিয়া হৈছিল। বলীন বৰুৱাই আলফাৰ(স্বা) নেতা গণেশ লাহনৰ সৈতে নিয়মিত যোগাযোগ ৰক্ষা কৰি আছিল আৰু সংগঠনটোৰ হকে ধন দাবী কৰা আৰু নতুন সদস্যভুক্তি কৰা আদি কামত নিয়োজিত আছিল।

সেনা-আৰক্ষীৰ এই যুটীয়া সফল অভিযানটোৱে আলফাৰ ওপৰত মোক্ষম আঘাত হানিছে। শান্তিৰ বাতাৱৰণ ঘূৰাই অনাত সহায় কৰাৰ বাবে সেনাই উজনি অসমৰ বাসিন্দাসকলক কৃতজ্ঞতা জনাইছে।