ছেবাৰ অধ্যক্ষক এবছুৰ সাক্ষাৎ : ভুল-ভ্ৰান্তি নোহোৱাকৈ বড়ো মাধ্যমৰ প্ৰশ্নকাকত যুগুতোৱাৰ আহ্বান

ABSU_delegation

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ প্ৰশ্নকাকত যাতে ভুল-ভ্ৰান্তিৰ পৰা সম্পূৰ্ণ মুক্ত হয় আৰু পৰীক্ষাৰ্থীসকলে ত্ৰুটিমুক্ত প্ৰশ্নকাকত লাভ কৰে- সেইটো নিশ্চিত কৰিবলৈ ছেবাৰ অধ্যক্ষক আহ্বান জনালে এবছুৰ এটা প্ৰতিনিধি দলে। এটা সূত্ৰমতে এবছুৰ উপ-সভাপতি দ্বীপেন বড়ো আৰু শিক্ষা সচিব কাষ্টম বসুমতাৰীৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে শনিবাৰে গুৱাহাটীত মাধ্যমিক শিক্ষা ব’ৰ্ড অসম (ছেবা)ৰ অধ্যক্ষক লগ কৰি এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ দিয়ে। স্মাৰকপত্ৰখনত বাৰে বাৰে হৈ থকাৰ দৰে এইবাৰ যাতে ভুল-ভ্ৰান্তিৰে প্ৰশ্নকাকত ছপা কৰা নহয়, তাৰ বাবে উপযুক্ত কাৰ্য্যব্যৱস্থা ল’বলৈ আহ্বান জনোৱা হৈছে।

উল্লেখযোগ্য যে নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি অহা ১৬ ফেব্ৰুৱাৰিৰ পৰা ৮ মাৰ্চলৈ ২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব।

পৰীক্ষা নিখুঁত কৰাৰ আহ্বানৰ লগতে আন কেইবাটাও বিষয় অধ্যক্ষজনৰ দৃষ্টিগোচৰ কৰায় প্ৰতিনিধি দলটোৱে। প্ৰতিনিধি দলটোৰ এজন নেতৃত্ববহনকাৰী দ্বীপেন বড়োৱে কয় যে যদিও ২০০৩ চনত বিটিচ গঠন কৰা হ’ল, সুপ্ৰশাসন তথা দ্ৰুত সেৱাৰ বাবে বাবে নতুনকৈ তিনিখন জিলা ক্ৰমে চিৰাং, বাগচা আৰু ওদালগুৰি সৃষ্টি কৰা হ’ল, যোৱা এটা দশকত এই দিশটো প্ৰায় অৱহেলিত হৈ আছে। আনকি এ পি এছ চিয়ে পতা কোনো প্ৰতিযোগিতামূলক পৰীক্ষা কেন্দ্ৰ জিলাকেইখনত আজি পৰ্য্যন্ত নহ’ল, যাৰ বাবে ইয়াৰ পৰীক্ষাৰ্থীসকলে আন ঠাইত গৈ পৰীক্ষা দিব লাগে। তেওঁ এই জিলাকেইখনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পৰীক্ষাকেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান জনায়।

আনহাতে এ পি এছ চিত বড়ো ভাষাৰ প্ৰশ্নকাকত অন্তৰ্ভুক্ত কৰাৰ বাবে বড়োৱে ছেবাক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ আন আন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰতো অসমীয়া আৰু ইংৰাজীৰ লগতে বড়ো ভাষাকো অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়।

এবছুৰ এটা সূত্ৰই কয় যে ছাত্ৰ সংগঠনটোৱে এন আৰ চিৰ খচৰা সময়ত প্ৰকাশ কৰাৰ বাবে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক কৃতজ্ঞতা জনাইছে। লগতে সংগঠনটোৱে এইটোও কৈছে নামবোৰত অসংখ্য ভুল আছে। ইয়াক শুধৰাব পৰাকৈ এটা এপ প্ৰস্তুত কৰিব লাগে। কিছুমান নাম বড়ো ভাষাত নাই বুলিও অভিযোগ কৰে সংগঠনটোৰ নেতৃত্বই।