NORTHEAST NOW (Assamese)

ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদানৰ দাবীত দুলীয়াজানত আটাছুৰ নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ

June 22, 2018 10:57 pm · এন ই নাও নিউজ

অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদান নকৰাত কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ সদৌ তাই আহোম ছাত্র সন্থাই আজি দুলীয়াজানত প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে আজি সংগঠনটোৰ জিলা সমিতিৰ নির্দেশ মর্মে দুলীয়াজান আঞ্চলিক সমিতিয়ে দুলীয়াজানৰ পিপলতল তিনিআলিত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতিকৃতি দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদস্থলীতে কেন্দ্রীয় চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত চক্রান্ত কৰা বুলি অভিযোগ উত্থাপন কৰি অতি শীঘ্রে জনজাতিকৰণ নকৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তুলিব বুলিও সকীয়নি প্ৰদান কৰে সদৌ তাই আহোম ছাত্র সন্থাই৷

আজিৰ প্রতিবাদী কার্যসূচীত আটাছুৰ সহকাৰী সাধাৰণ সম্পাদক দেৱকান্ত গগৈ আৰু দিগন্ত কোঁৱৰৰ লগতে ডিব্রুগড় জিলা সমিতিৰ সভাপতি উমাকান্ত চেতিয়া, কার্যকৰী সভাপতি জিতেন বৰুৱা, যুটীয়া সাধাৰণ সম্পাদক ডিব্রুন্দ্র হাজৰিকা, দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি মুনিন গগৈ, কার্যকৰী সভাপতি কল্যাণ গগৈ, যুটীয়া সাধাৰণ সম্পাদক ৰূপম গগৈ আদিয়ে অংশ গ্রহণ কৰে।

Related News