জখলাবন্ধাত অচিনাক্ত গাড়ীৰ খুন্দাত নিহত প্ৰাতঃভ্ৰমণলৈ অহা শিক্ষক

দুৰ্ঘটনা
জখলাবন্ধাত বাঘজানৰ  ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত আজি পুৱা সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত হয় এজন শিক্ষক। কোনো অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত  হোৱা লোকজনক বাঘজানৰ উপেন বৰা চিনাক্ত কৰা হৈছে।
নিহত উপেন বৰা নামৰ লোকজন গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত আছিল ।
প্ৰাপ্ত তথ্য মতে পুৱা প্ৰাত:ভ্ৰমণৰ সময়ত ঘাইপথ পাৰ হ’বলৈ চেষ্টা কৰোতে কোনো অচিনাক্ত গাড়ীয়ে মহতিয়াই নিয়াত শিক্ষকজনে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।
আনহাতে অঞ্চলটোৰ শিক্ষক বৰাৰ অকাল বিয়োগৰ ফলত কৰ্মৰত বিদ্যালয়ৰ লগতে অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে তীব্ৰগতিৰে গাড়ী চলোৱাৰ বাবে উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ ব্যক্ত কৰিছে।
আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাত ঘটনাস্থলীত জখলাবন্ধা আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন কৰায়ত্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।