জখলাবন্ধাত ৬ খনকৈ অবৈধ শিলভৰ্তি ডাম্পাৰ জব্দ

আৰক্ষীয়ে জব্দ কৰা ডাম্পাৰ কেইখন

আৰক্ষীয়ে জব্দ কৰা ডাম্পাৰ কেইখন

জখলাবন্ধাত আৰক্ষী আৰু বন বিভাগৰ অভিযানত সোমবাৰে ৬ খনকৈ অবৈধ শিলভৰ্তি ডাম্পাৰ জব্দ।

কাৰ্বি পাহাৰৰ পৰা চালানবিহীন ভাৱে আনি থকা অৱস্থাত জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জখলাবন্ধা আৰক্ষীৰ সহযোগত জখলাবন্ধা খণ্ড বন বিভাগে জব্দ কৰে অবৈধ শিলভৰ্তি বাহন কেইখন।

কাৰ্বি আংলং জিলাৰ বন বিভাগৰ নাকৰ তলতেই অব্যাহত বনজ সম্পদৰ লুণ্ঠনৰাজ। কলিয়াবৰত জব্দ হোৱা অবৈধ শিলভৰ্তি উক্ত ডাম্পাৰ ৬ খনে ৰাজ্যত যে বনজ সম্পদৰ চোৰাং বেহা অব্যাহত আছে তাৰেই প্ৰমাণ দিছে।

জখলাবন্ধাৰ সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা আৰক্ষীৰ সহযোগত বনবিভাগে জব্দ কৰা অবৈধ শিল পৰিবাহী ডাম্পাৰকেইখনৰ পৰা শিলৰ বল্ডাৰ আৰু চিপচ্ উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে কাৰ্বি পাহাৰৰ পৰা অবৈধভাৱে প্ৰায়ে এইদৰে একাংশ শিলৰ ক্ৰেছাৰলৈ শিল সৰবৰাহ হৈ আছে। কোনোখন বাহনৰ যদি চালান নাই, আন কেইখন বাহনে ম্যাদ উকলা চালানৰেই বনবিভাগৰ চকুত ধূলি দি পাহাৰৰ পৰা শিল সৰবৰাহ কৰি আহিছে।

কলিয়াবৰৰ কুঠৰী আৰু বাগৰিৰ একাংশ পাবত গজা ৰাজনৈতিক নেতা-পালিনেতাৰ চত্ৰছায়াতেই কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলৰ পৰা এইদৰে অবৈধ শিলৰ চিণ্ডিকেট চলাই অহা হৈছে। আনহাতে এইক্ষেত্ৰত কাৰ্বি আংলঙৰ বন বিভাগে নিৰব দৰ্শকৰ ভুমিকা লৈ অহা দেখা গৈছে।