NORTHEAST NOW (Assamese)

জটিল ৰোগত আক্ৰান্ত, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ধনুৰ্বিদ গহেলা বড়োলৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা কেন্দ্ৰৰ

July 9, 2018 8:11 pm · এন ই নাও নিউজ
Updated: July 9, 2018 8:24 pm

জটিল ৰোগত ভুগি থকা অসমৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ধনুৰ্বিদ গহেলা বড়োলৈ ৫ লাখ টকাৰ সাহায্য আগবঢ়াইছে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে।

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোড়ে আজি ৯ জুলাইত এই ধনৰাশিৰ অনুমোদন জনাইছে।

এতিয়া অনুমোদন জনোৱা ৫ লাখ টকাৰ উপৰি এইবছৰৰ জানুৱাৰিলৈকে খেলুৱৈগৰাকীক ৩.৩৭ লাখ টকাৰ সাহায্য আগবঢ়োৱা হৈছিল।

কোচিত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত বৰ্তমান ২১ বছৰীয়া গহেলাই আৰ্চাৰিত সোণৰ পদক দখল কৰিছিল।

কোকৰাঝাৰ জিলাৰ আমগুৰিৰ দৰিদ্ৰ পৰিয়ালৰ এই খেলুৱৈগৰাকী লুপুছ নামৰ এক জটিল ৰোগত ভুগি আছে।

Related News