জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়ণত অনিয়ম সংঘটিত হ’লে কেন্দ্ৰীয় চৰকাৰক দিব পাৰিব অভিযোগ

SK Mahapatra, NLM is delivering his speech

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী আঁচনিসমূহ সঠিক ৰূপায়ণ হৈছে নে নাই সেয়া প্ৰত্যক্ষ কৰিব ৰাষ্ট্ৰীয় নিৰীক্ষকে (National Level Monitors)। যদি জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়ণত কিবা অনিয়ম সংঘটিত হৈ তেন্তে জনসাধাৰণে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয় অথবা কেন্দ্ৰীয় চৰকাৰক দিব পাৰিব অভিযোগ। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এটা ‘এপ’ ডাউনলোড কৰিব লাগিব। আৰু এই এপটোৰ জৰিয়তে কৰিব পাৰিব অভিযোগ।

এই কথা জনোৱাৰ লগতে সকলো লোককে এই এপটো ডাউনলোড কৰিবলৈ অনুৰোধ কৰে ভাৰত চৰকাৰৰ বৈদেশীক বাণিজ্যৰ উপ মহাপৰিদৰ্শক তথা দৰং জিলাৰ এগৰাকী ৰাষ্ট্ৰীয় নিৰীক্ষক হিচাপে দায়িত্বত থকা  এছকে মহাপাত্ৰই।

গ্ৰাম স্বৰাজ অভিযান উদযাপনৰ উদ্দেশ্যে বুধবাৰে মঙলদৈ চৌকা খণ্ডৰ আম্বেদকাৰ ভৱনত জিলা কৃষি বিভাগ, পশ্চিম মঙলদৈ উন্নয়ন খণ্ড আৰু এটিএমএৰ উদ্যোগত আয়োজিত কিষান কল্যাণ কৰ্মশালাত উপস্থিত থাকি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে বৈদেশীক বাণিজ্যৰ উপ মহাপৰিদৰ্শকগৰাকীয়ে।

উপ মহাপৰিদৰ্শকগৰাকীয়ে কৃষক সকলক উদ্দেশ্যি কয়, ‘কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহ সফল ৰূপায়ণ কৰাৰ বাবে আমি বিভিন্ন কৌশল অৱলম্বন কৰিছো। আঁচনিসমূহ ৰূপায়ণত যদি কোনো আসোৱাহ ৰৈ যায় তেন্তে আপোনালোকে আমাক অভিযোগ কৰিব পাৰে। আৰু আমি সেই অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰাৰ চেষ্টা কৰিম’।

এই কৰ্মশালাত ৰাষ্ট্ৰীয় নিৰীক্ষকৰ (National Level Monitors) আশীষ ত্ৰিপাঠী, দৰং জিলা পৰিষদৰ অধৰ ভূঞা, জিলা কৃষি বিষয়া ড০ পবিত্ৰ বৰদলৈ, জিলা মীন উন্নয়ন বিষয়া তপন দাসৰ লগতে বহুতো গণ্য মান্য লোক উপস্থিত থাকে।

এই বিষয়াসকলে কৰ্মশালাখনত উপস্থিত থকা কৃষকসকলে কিদৰে তেওঁলোকৰ আয় বৃদ্ধি কৰিব পাৰে বা বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰীৰ লগত জড়িত বৃত্তি গ্ৰহণ কৰি কেনেদৰে লাভা লাভ আদায় কৰিব পাৰে সেই কথা উল্লেখ কৰে।

দৰং কৃষি বিভাগৰ অধীনৰ বঙালগড় কৃষি খণ্ডৰ প্ৰায় ১০০ৰো অধিক কৃষকে এই কৰ্মশালাত অংশগ্ৰহণ কৰে।