জনজাতিকৰণৰ দাবীত চামগুৰিৰ আমনিত আটছাৰ প্ৰতিবাদ

1f9b65b0-71af-4994-b82c-d2a95f998221

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰে ভেঁকোভাওনা কৰাৰ অভিযোগ উত্থাপন কৰি আজি নগাঁও জিলাৰ চামগুৰিৰ আমনিত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰী আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

দীৰ্ঘদিন ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদত আজি দুপৰীয়া আমনিৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিকৃতি দাহ কৰাৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বুলি জানিব পৰা যায়।

আটছাৰ নগাঁও জিলা সমিতি আৰু কলিয়াবৰ উপ সমিতিৰ উদ্যোগত প্ৰায় অৰ্ধ শতাধিক নেতা-কৰ্মী আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অতি শীঘ্ৰে চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায়।

প্ৰতিবাদকাৰীসকলে কয় যে যদিহে জনজাতিকৰণৰ সমস্যাটো শীঘ্ৰে সমাধান নকৰে তেন্তে আগন্তুক দিনত আমি জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম।

উল্লেখ্য যে আটছাৰ আজিৰ এই প্ৰতিবাদত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো ফালে  তীব্ৰ যান-জঁটৰ সৃষ্টি হয় যাৰ বাবে দুৰ্ভোগ ভূগিবলগীয়া হয় দূৰ দূৰণিৰ যাত্ৰীসকল।