জনজাতিকৰণ লাগিবই : চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ২৩ জুলাইৰ পৰা আটছাৰ ৪৮ ঘণ্টীয়া অসম বন্ধ

AATSA

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰম্বাৰ জনগোষ্ঠীকেইটাক প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদতে অহা ২৩ আৰু ২৪ জুলাইত জনগোষ্ঠীয় ঐক্য মঞ্চই আহ্বান জনোৱা অসম বন্ধ সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই।

উল্লেখ্য ২০ জুলাইত নতুন দিল্লীৰ নৰ্থ ব্লকত জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়াৰে অনুষ্ঠিত হোৱা বৈঠকখন সম্পূৰ্ণৰূপে বিফল হোৱা তথা কেন্দ্ৰীয় চৰকাৰৰ ভোঁকোভাওনাত ক্ষুভিত হৈয়ে জনগোষ্ঠীয় ঐক্যমঞ্চই এই ৪৮ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।

আটছাৰ ফালৰ পৰা উক্ত দুয়োদিনাই অসমৰ সকলো চাহ বাগিচাৰে কাম-কাজ বন্ধ কৰিবলৈ বাগিচাৰ মালিকপক্ষক আহ্বান জনাইছে।

আটছাৰ সম্পাদক পৱন বেদিয়াই সংবাদ মাধ্যমক সদৰী কৰি কয় যে বন্ধ সফল কৰি তুলিবলৈ চাহ জনগোষ্ঠীৰ সকলো ৰাইজ আৰু আটছাৰ সকলো বিষয়ববীয়া, সদস্য আৰু কৰ্মীক মুকলিকৈ ওলাই আহিবলৈ আহ্বান জনাইছে।

আনহাতে ৩০ জুলাইত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণঅনশন কাৰ্যসূচীত অংশ ল’বলৈও আটছাৰ সকলো বিষয়ববীয়া, সদস্য আৰু কৰ্মীক আহ্বান জনাইছে পৱন বেদিয়াই।