জনজাতিকৰণ : ২৭ জুনৰ পৰা ধাৰাবাহিক আন্দোলনৰ ঘোষণা জনগোষ্ঠীয় ঐক্যমঞ্চৰ

STStatus-570x320

নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা দিয়াৰ আশ্বাস দিছিল। কিন্তু শাসনলৈ অহাৰ পাছত তেওঁলোকে জনজাতিকৰণৰ বিষয়টোৰ পৰা সম্পূৰ্ণ ফালৰি কাটি পৃষ্ঠভংগ দিছে। সেই বাবেই এতিয়া নিজৰ প্ৰাপ্যৰ বাবে জনগোষ্ঠীয় ঐক্যমঞ্চই আন্দোলন অব্যাহত ৰাখিবগীয়া হৈছে।

বুধবাৰে ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চই আহ্বান কৰা এখন সংবাদমেলত এইদৰে ব্যক্ত কৰে ইয়াৰ নেতৃবৰ্গই। সংবাদমেলত উপস্থিত থকা জনগোষ্ঠীসমূহৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলে বিজেপি চৰকাৰ মিছলীয়া, ঠগৰ চৰকাৰ বুলিও অভিহিত কৰে।

তেওঁলোকে অভিযোগ কৰে যে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ বক্তব্যই বিজেপিৰ এই মিথ্যাচাৰ প্ৰমাণিত কৰিছে আৰু মন্ত্ৰীগৰাকীয়ে অসমৰ খিলঞ্জীয়া সমাজখনৰ দীৰ্ঘদিনীয়া দাবীক চূড়ান্ত অৱমাননা কৰিছে।

লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসনলৈ আহিলে তিনি মাহৰ ভিতৰত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ তিনিটা বছৰ পাৰ হোৱাৰ পাছতো জনজাতিৰ মৰ্যাদা দিয়াত ব্যৰ্থ হোৱাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্য দুৰ্ভাগ্যজনক।

সংবাদমেলত উপস্থিত থকা জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে এই ছয় জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিসকলক প্ৰকৃততে ভয়াতুৰ। তেওঁলোকে নিজৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ ভয়ত নিজৰ জনগোষ্ঠীৰ প্ৰতি থকা দায়িত্ববোধ পাহৰি পেলাইছে।

বুধবাৰে তিনিচুকীয়াৰ হোটেল কিৰণ ৰেছিডেন্সিত অনুষ্ঠিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ কাৰ্য্য নিৰ্বাহক সভাত বিজেপি চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত দেখুওৱা হঠকাৰিতাৰ বিৰুদ্ধে এলানি ধাৰাবাহিক আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ঐক্যমঞ্চৰ নেতৃবৰ্গই সংবাদমেলত আন্দোলনৰ কাৰ্যসূচীৰ সৱিশেষ জনাই সদৰি কৰে যে অহা ২৭ জুনত গুৱাহাটীত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী, ১৭ জুলাইত তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী, ১৭ জুলাইত তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত গণ সমাৱেশ, ২১ জুলাইত ডিব্ৰুগড়ৰ চলিহা নগৰত গণ সমাৱেশ, ২৩ আৰু ২৪ জুলাইত ৪৮ ঘণ্টীয়া অসম বন্ধৰ আহ্বান আৰু ৩০ জুলাইত দিল্লীত ১০ ঘণ্টীয়া গণ অনশন কাৰ্যসূচী হাতত লৈছে।

তদুপৰি এই আন্দোলনত জনগোষ্ঠীটোৰ সকলো লোককে জড়িত কৰিবলৈ ঐক্যমঞ্চই জনগোষ্ঠীয় অধ্যুষিত গ্ৰামাঞ্চলত গণ সমাৱেশৰ আয়োজন কৰিব।

বুধবাৰৰ জনগোষ্ঠীয় ঐক্যমঞ্চৰ কাৰ্য্য নিৰ্বাহক সভাত অৰুণ জ্যোতি মৰাণ, লিটুল বুঢ়াগোহাঁই, ৰাজেন কুমাৰ, ডেভিদ চেতিয়া, তৰুণ বৰুৱা মৰাণ, নৱ মৰাণ, উদয় শংকৰ মহন, যতীন দিহিংগীয়া, বিনোদ পাত্ৰ, ধৰণী গোহাঁই, দেৱৰ্শী চেতিয়া, ৰূপেশ তাঁতী, বিজয় তাঁতী, দুৰ্গা কোঁৱৰ, দুলাল বৰুৱা, ঋতু শইকীয়া, মিলন বুঢ়াগোহাঁইকে ধৰি জনগোষ্ঠীয় সংগঠনসমূহৰ  নেতা তথা বিষয়ববীয়া উপস্থিত থাকে।