জনজাতিৰ মৰ্যাদা বিচাৰি পুনৰ আন্দোলন আৰম্ভ কৰিব আদিবাসীয়ে

জনজাতিৰ মৰ্যাদা বিচাৰি অসমৰ আদিবাসী সংগঠনসমূহ পুনৰ আন্দোলনৰ বাবে সাজু হৈ উঠিছে। সংসদৰ আগন্তুক শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ মুহূৰ্ততে অহা ১৯ ডিচেম্বৰত ৭ ঘন্টীয়া ৰ’ল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰা হৈছে। অলপতে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আদিবাসী অভিৱৰ্তনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আদিবাসী সংগঠনৰ নেতৃত্বই নিৰ্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰা কেন্দ্ৰৰ বৰ্তমান শাসনাধীষ্ঠ এনডিএ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

আদিবাসী সংগঠনৰ এই অভিৱৰ্তনখনত মুঠতে অস্ত্ৰবিৰতিত থকা ৫টা বিদ্ৰোহী সংগঠনকে ধৰি ১৭ টা সংগঠন উপস্থিত আছিল।

আদিবাসী সংগঠনৰ নেতৃত্বই জনোৱা মতে তেওঁলোকে ১৯ ডিচেম্বৰত আন্দোলনৰ প্ৰথম কাৰ্যসূচীত কোকৰাঝাৰ, মাজবাট, ৰঙাপাৰা আৰু বোকাজানত ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ১ বজালৈ ৭ ঘন্টাৰ বাবে ৰে’লপথ অৱৰোধ কৰিব।

তেওঁলোকে ২০১৯ ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ আগেয়ে প্ৰতিবাদী আন্দোলনটো তীব্ৰ কৰি তোলাৰ বাবে কৰ্মীসকলক সংগঠিত কৰিব বিচাৰিছে। আগন্তুক সংসদৰ অধিবেশনতে আদিবাসীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে প্ৰক্ৰিয়াটো সুচল কৰাৰ বাবে হেচা দিব বিচাৰিছে আদিবাসী নেতৃত্বই। ইয়াৰ অন্যথা তেওঁলোকে বিজেপিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংগ্ৰাম চলাই যাব।

বীৰচা কমাণ্ডো ফ’ৰ্চৰ প্ৰাক্তন কমাণ্ডাৰ ইন চীফ বীৰচা মুণ্ডাই এইবাৰৰ এই নতুন আন্দোলনটোৰ মূল উদ্যোক্তা হিচাপে আগভাগ লৈছে।

অহা ২৩ ডিচেম্বৰত আদিবাসী সংগঠনসমূহৰ সন্মিলিত গোটে কোকৰাঝাৰ জিলাৰ জয়পুৰত  দিনজোৰা প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব। ২০১৪ চনৰ ২৩ ডিচেম্বৰত সন্দেহযুক্ত এন ডি এফ বি (সংবিজিত) এ গুলীয়াই হত্যা কৰা গাওঁখনৰ ৮০ গৰাকী লোকৰ পৰিয়ালক ন্যায় প্ৰদানৰো দাবী উত্থাপন কৰে।