জনতা ভৱনৰ মহিলা কৰ্মচাৰীৰ বাবে বিনামূলীয়া বাছ সেৱা মুকলি মুখ্য মন্ত্ৰীৰ

জনতা ভৱনৰ মহিলা কৰ্মচাৰীৰ বাবে বিনামূলীয়া বাছ সেৱা মুকলি মুখ্য মন্ত্ৰীৰ

জনতা ভৱনৰ মহিলা কৰ্মচাৰীৰ বাবে বিনামূলীয়া বাছ সেৱা মুকলি মুখ্য মন্ত্ৰীৰ। য়ু বি ফটোজ

বহনক্ষম উন্নয়নৰ লক্ষ্য কাৰ্যসূচীৰ অধীনত জনতা ভৱনৰ মহিলা কৰ্মচাৰীসকলৰ বাবে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৬ খন বাছৰ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

আজি জনতা ভৱন চৌহদত এই বাছ সেৱাৰ ফ্লেগ অফ কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰীয়ে কয় যে মহিলা কৰ্মচাৰীৰ বাবে বাছ সেৱা প্ৰৱৰ্তন কৰাটো এটা বাজেট প্ৰতিশ্ৰুতি আছিল আৰু এই বাজেট প্ৰতিশ্ৰুতি পূৰণ কৰি তেওঁ যথেষ্ট সুখী হৈছে।

মুখ্য মন্ত্ৰীয়ে অসম ৰাজ্যিক পৰিবহণ নিগম কৰ্তৃপক্ষক এই সেৱা শৃংখলাবদ্ধভাৱে, সময়সূচী অনুসৰি চলোৱাৰ বাবে নিৰ্দেশ দিয়ে। এই বাছ সেৱাই মহিলা কৰ্মচাৰীসকলক কাৰ্যালয়লৈ অহা-যোৱা কৰা আৰু কৰ্ম সংস্কৃতিৰ বাতাবৰণ অক্ষুণ্ণ ৰখাত সহায় কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

তাৰোপৰি আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে জনতা ভৱনৰ মহিলা কৰ্মচাৰীৰ সহায় হোৱাকৈ জনতা ভৱন চৌহদত ৬ মহীয়াৰ পৰা ৩ বছৰীয়া শিশুৰ বাবে আৰু ৩ ৰপৰা ৬ বছৰীয়া শিশুৰ বাবে এটাকৈ শিশুৰ ওমলা ঘৰ (ক্ৰেচ) মুকলি কৰা হ’ব বুলিও ঘোষণা কৰে।

আজিৰ অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক প্ৰশান্ত ফুকন আৰু ৰিতুপৰ্ণ বৰুৱা, মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিবৰ লগতে পৰিবহণ নিগমৰ বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।