অসমীয়া চলচ্চিত্ৰ জগত তথা চলচ্চিত্ৰ প্ৰেমীৰ বাবে এক দু খবৰ। অসমীয়া ছবি পৰিচালক, ছবি নিৰ্মাতা তথা চিত্ৰ নাট্যকাৰ মুনিন বৰুৱা (৭২) আৰু আমাৰ মাজত নাই। দীৰ্ঘদিনে অসুস্থ হৈ থকা মুনিন বৰুৱা যোৱা নিশা প্ৰায় ১.৫৫ বজাত গুৱাহাটীৰ কাহিলীপাৰাস্থিত নিজবাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।
প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ নায়ক আদি চলচ্চিত্ৰৰে দৰ্শকৰ মন জয় কৰা পৰিচালক মুনিন বৰুৱাৰ ১৯৪৬ চনত জন্ম হৈছিল গোলাঘাট জিলাৰ খুমটাইত। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এই সংসাৰত এৰি থৈ যায়।
উল্লেখ্য যে চিত্ৰনাট্যকাৰ হিচাবে কথাছবি জগতত ভৰি দিয়া মুনিন বৰুৱাই বোৱাৰী, ঘৰ-সংসাৰ, সোণমইনা আদি কথাছবি সমূহৰ চিত্ৰনাট্যকাৰ হিচাবে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে।
ইয়াৰ পাছতে মুনিন বৰুৱাই ১৯৮৭ চনত প্ৰতিমা কথাছবিৰে আত্মপ্ৰকাশ কৰে পৰিচালক হিচাপে। পিতা-পুত্ৰ (১৯৮৮), পাহাৰী কন্যা (১৯৯০), প্ৰভাতী পখীৰ গান (১৯৯২) আদি সুস্থ বিনোদনধৰ্মী ছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে তেওঁ পৰিচালনা কৰা কেইখনমান জনপ্ৰিয় অসমীয়া ছবি হৈছে দাগ, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, ৰং, দীনবন্ধু, ৰামধেনু আদি। আনহাতে তেওঁৰ শেহতীয়া ছবি হৈছে প্ৰিয়াৰ প্ৰিয়।
উল্লেখযোগ্য যে, দীনবন্ধু কথাছবি খনৰ বাবে তেওঁ ২০০৫ চনত শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ কথাছবিৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। দুটা দশকত তেওঁ প্ৰায় ৯০খন জনপ্ৰিয় নাটক ৰচনা কৰাৰ উপৰি জনপ্ৰিয় ধাৰাবাহিক পাপু নিপু সংবাদ আৰু ৰুদ্ৰৰো পৰিচালক হিচাপে তেওঁ খ্যাতি অৰ্জন কৰিছিল।
এই জনপ্ৰিয় পৰিচালকগৰাকীৰ মৃত্যু অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি। ৰাজ্যবাসীৰ লগতে নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰাও অসমীয়া বোলছবি জগতৰ ভোটাতৰাস্বৰূপ মুনিন বৰুৱালৈ যাচিছো একাজলী শ্ৰদ্ধাঞ্জলী।