• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2025 10:20 am
315
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক সময়ত বহুতে ঘৰে-অফিচে এচি-ত অভ্যস্ত হৈ পৰিছে। দিনটোৰ ক্লান্তিৰ অন্তত পৰিয়ালটোৱে এচি লগাই শুইছিল। কিন্তু ইয়াৰ পৰিণাম যে এনেকুৱা হ’ব পাৰে কোনেও কল্পনাও কৰিব পৰা নাছিল। নিমিষতে সমগ্ৰ পৰিয়ালটোৰ কৰুণ পৰিণতি। অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ফৰিদাবাদত। নিশা এচি লগাই টোপনি গৈছিল পৰিয়ালটো। প্ৰথম অৱস্থাত গম পোৱা মতে, তেওঁলোকে হঠাতে পুৱতি নিশা ঘৰৰ ভিতৰত ধোঁৱা ওলোৱা দেখিছিল। ঘৰৰ ভিতৰতে শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰে পিতৃ-মাতৃ আৰু কন্যা। পোহনীয়া জন্তুটোৰো মৃত্যু হয়।

Apply Now

বেলকনিৰ পৰা জপিয়াই পুত্ৰই কেনেবাকৈ নিজৰ প্ৰাণ ৰক্ষা কৰে। এই প্ৰসংগত উল্লেখ্য যে তেওঁলোকে শুই থকা কোঠাটোত এচিৰ কোনো সমস্যা নাছিল। অট্টালিকাটোৰ আন এটা মহলাত হৈছিল সমস্যাটো।

সোমবাৰে হাৰিয়ানাৰ ফৰিদাবাদত বহুমহলীয়া অট্টালিকাত এয়াৰ কণ্ডিচনাৰ কম্প্ৰেছাৰ বিস্ফোৰণত একেটা পৰিয়ালৰ তিনিজন সদস্য আৰু তেওঁলোকৰ পোহনীয়া কুকুৰৰ মৃত্যু হয়। জানিব পৰা মতে, নিহত লোক দুজনৰ নাম শচীন কাপুৰ, তেওঁৰ পত্নী ৰিংকু কাপুৰ আৰু তেওঁলোকৰ কন্যা চুজান কাপুৰ।

প্ৰাথমিকভাৱে জানিব পৰা মতে, চাৰি মহলীয়া অট্টালিকাটোৰ প্ৰথম মহলাত নিশা প্ৰায় ১:৩০ বজাত হঠাৎ বিস্ফোৰণ ঘটে আৰু কম সময়ৰ ভিতৰতে দ্বিতীয় মহলালৈ ক’লা ধোঁৱা বিয়পি পৰে। কাপুৰ পৰিয়ালটো তাতেই শুই আছিল।

জানিব পৰা মতে, ঘটনাৰ সময়ত প্ৰথম মহলাৰ ঘৰটো খালী আছিল। শ্বাসৰুদ্ধ হৈ তিনিওজনৰ মৃত্যু হয়। অৱশ্যে সেই মুহূৰ্তত দম্পতীহালৰ পুত্ৰ আন এটা কোঠাত শুই আছিল। কোঠাটোত ধোঁৱা দেখি সি লগে লগে বিল্ডিঙৰ পৰা জপিয়াই দিয়ে।

ঘটনা সন্দৰ্ভত চুবুৰীয়া এজনে জনোৱা মতে, তীব্ৰ বিস্ফোৰণৰ শব্দ শুনি তেওঁলোক সাৰ পায়। কাষৰ বহুমহলীয়া অট্টালিকাটোত জুই লাগিছে। লগে লগে সিহঁত তালৈ লৰালৰিকৈ গ’ল।

মায়ংক নামৰ এজন স্থানীয় ব্যক্তিয়ে সংবাদ মাধ্যমক জনাইছে, ‘বিস্ফোৰণৰ শব্দ শুনাৰ লগে লগে আমি ওলাই আহিলোঁ৷ তাৰ পিছত আমি অট্টালিকাটোৰ আন মানুহবোৰক উদ্ধাৰ কৰিবলৈ লৰালৰি কৰিলোঁ।’ তেওঁ কয় যে চতুৰ্থ মহলাত সাতজনীয়া পৰিয়াল এটা থাকে, আৰু কাপুৰে তৃতীয় মহলাটো নিজৰ কাৰ্যালয় আৰু বিভিন্ন কাৰ্যালয়ৰ কাম-কাজৰ বাবে ব্যৱহাৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd