জনস্বাৰ্থ জড়িত আৱেদনৰ ভিত্তিত ৰে’লৱে আৰু পৰিৱেশ মন্ত্ৰ্যালয়লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী

ief-elephanttracks

ৰেলপথত হাতীৰ মৃত্যুৰ সন্দৰ্ভত এখন জনস্বাৰ্থ জড়িত আবেদনৰ সৈতে সহমত পোষণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম বন বিভাগ, কেন্দ্ৰীয় বন মন্ত্ৰ্যালয় আৰু উত্তৰ-পূব ৰেলৱেলৈকে জাননী জাৰী কৰিছে।
গুৱাহাটীৰ যুগল ভৰালী আৰু ৰাছেল হুছেইন নামৰ বন্যজীৱ ফটোগ্ৰাফাৰ দুগৰাকীয়ে জনস্বাৰ্থজড়িত আৱেদনখন দাখিল কৰে।
জনস্বাৰ্থজড়িত আবেদনত তেওঁলোকে আদালতৰ ওচৰত আৱোদন জনাইছে যাতে এই তিনিওটা বিভাগে হাতীক ৰেলে খুন্দিওৱাৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ বাবে বিতং সময়-সাপেক্ষ কাৰ্যকৰী পৰিকল্পনা যুগুত কৰে।
আদালতে চৰকাৰৰ দুটা বিভাগ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেক জনস্বাৰ্থ জড়িত আৱেদনখনৰ উত্তৰ দিবলৈ আৰু চাৰি সপ্তাহৰ ভিতৰতে এখন কাৰ্যকৰী পৰিকল্পনা যুগুত কৰাৰ বাবে নিৰ্দেশ দিয়ে।
তেওঁলোকে কৈছে যে অসমত দ্ৰুতবেগী ৰেলৰ খুন্দাত ১৯৯০ আৰু ২০০৬ চনৰ ভিতৰত অতি কমেও ৩৫টা হাতীৰ মৃত্যু হৈছে আৰু বিগত দুমাহত সিমান সংখ্যক হাতীৰ মৃত্যু ঘটিছে।
আৱেদনখনত কোৱা হৈছে যে বন্যপ্ৰাণী (নিৰাপত্তা) আইন-১৯৭২ অনুসৰি হাতীক সুৰক্ষাৰ সৰ্বোচ্চ মাত্ৰাটো প্ৰদান কৰা হৈছে আৰু পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে হাতীত ৰাষ্ট্ৰীয় ঐতিহ্য জন্তু হিচাপে মান্যতা প্ৰদান কৰিছে, কিন্তু অসমত পৰম্পৰাগত হাতী অহা-যোৱা কৰা ৰাষ্টাসমূহ ৰেলপথলৈ পৰিৱৰ্তন হোৱাৰ ফলত বিষয়টো চিন্তনীয় হৈ পৰিছে বুলি আৱেদনখনত কোৱা হৈছে।
তেওঁলোকে গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰেলগাড়ীখনে চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহৰ ১০তাৰিখে হোজাই জিলাত ৫টা হাতী আৰু আৰু যোৱা বছৰ ডিচেম্বৰত গুৱাহাটী-নাহৰলগুণ ইণ্টাৰচিটিয়ে শোণিতপুৰ জিলাত ৫ টা হাতীক মহতিয়াই নিয়াৰ উদাহৰণ দাঙি ধৰিছে।
হাতী অহা-যোৱা কৰা গুৰুত্বপূৰ্ণ পথসমূহত আণ্ডাৰ-পাছ আৰু অভাৰ-পাছৰ ব্যৱস্থা কৰি, ড্ৰোনৰ ব্যৱহাৰ, আগতীয়া সাৱধান ব্যৱস্থা আৰু হাতী অধ্যূষিত এলেকাত গাড়ীৰ গতি কমোৱা, গুৰুত্বপূৰ্ণ হাতী অহা-যোৱা কৰা পথত পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰা আদি পৰামৰ্শ দিয়া হৈছে।
বুধবাৰে আদালত জনস্বাৰ্থ জড়িত আবোদনখনৰ সৈতে সহমত হৈছে আৰু ৰাজ্যিক বন বিভাগ, কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয় আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেক জজস্বাৰ্থজড়িত আৱেদনখনে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ নিৰ্দেশ জাৰী কৰে।