জব্দ কৰা বিদেশী সামগ্ৰীৰ গৰাকীৰ সন্ধান অব্যাহত

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কালি সীমা শুল্ক বিভাগৰ অভিযানত ধৰা পৰা তথা বিভাগটোৱে জব্দ কৰা প্ৰায় ৪০-৫০ লাখ টকাৰ বিদেশী সামগ্ৰীৰ গৰাকীৰ সন্ধান অব্যাহত ৰাখিছে বিভাগটোৱে। জানিব পৰা মতে জব্দ কৰা সামগ্ৰীৰ ভিতৰত ঘাইকৈ ন’কিয়া কোম্পানিৰ ম’বাইল হেণ্ডছেটে আৰু প্ৰসাধন সামগ্ৰীয়ে বেছি। মুঠ ৬ হাজাৰটো ম’বাইল ফোন জব্দ কৰা বুলি জানিব পৰা গৈছে। এই ম’বাইল ফ’নৰ মূল্য প্ৰায় ৩০-৩৫ লাখ টকা হ’ব বুলি সূত্ৰটোৱে জনাইছে। আনহাতে বিদেশী কাপোৰ আৰু জোতাও আছে জব্দ কৰা সামগ্ৰীৰ ভিতৰত।

উল্লেখযোগ্য যে কালি বিমান বন্দৰটোত সীমা শুল্ক বিভাগে অতৰ্কিতে এই অভিযান চলাইছিল। অভিযানৰ সময়ত ইম্ফলৰ পৰা গুৱাহাটীলৈ অহা এয়াৰ এছিয়াৰ I5-784 নম্বৰৰ এখন বিমানৰ পৰা এই বৃহৎ পৰিমাণৰ বিদেশী সামগ্ৰীখিনি ধৰা পৰে। সূত্ৰটোৱে জনোৱা মতে সামগ্ৰীখিনি ইয়াৰ পৰা উক্ত বিমানখনেৰেই আগৰতলালৈ নিয়াৰ কথা আছিল। মুঠ ১০ টা কাৰ্টনত এই সামগ্ৰীখিনি আনিছিল বুলি জানিব পৰা গৈছে।

অৱশ্যে বিভাগটোৰ সূত্ৰই এতিয়াও এই সামগ্ৰীখিনি সন্দৰ্ভত অধিক তথ্য দিয়া নাই। জব্দ কৰা সামগ্ৰীখিনি বিমান বন্দৰৰ পৰা গুৱাহাটীলৈ নিয়া হয়। বিভাগটোৱে সামগ্ৰীখিনিৰ গৰাকীৰ সন্ধান কৰি থকা বুলি জানিবলৈ দিছে।