এতিয়াও আলফাৰ জিম্মাত দীননাথ উপাধ্যায় : পৰেশ বৰুৱাৰ ফটোক সেৱা কৰি মুক্তি দিবলৈ পৰিয়ালৰ কাতৰ আৱেদন

IMG-20180619-WA0040

“পৰেশ বৰুৱা আপুনিয়ে এতিয়া আমাৰ ভগৱান, আপোনাকেই এতিয়া পূজা কৰিম, আপুনি আমাৰ দেউতাক মুকলি কৰি দিয়ক, আপোনাক কাকুতি প্ৰাৰ্থনা জনাইছো” এই ভাষ্য আলফা স্বাধীনে অপহৰণ কৰি নিয়া দীননাথ উপাধ্যায়ৰ পুত্ৰৰ। আজি দীননাথ উপাধ্যায়ৰ জাগুন উদয়পুৰস্থিত বাসগৃহত আলফা  স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এখন ফটো গামোচাত আঁ‌ৰি লৈ দীননাথ উপাধ্যায়ৰ ৮৫ বছৰীয়া দেউতাক, পত্নী তথা পুত্ৰই বৈদিক নীতি নিয়মেৰে পূজা অৰ্চনা কৰে।

আনহাতে, উপাধ্যায়ৰ মুক্তিৰ দাবীত পুৱা ৫ বজাৰ প্ৰায় ৬ ঘণ্টা ধৰি প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰা ফলত ব্যাপক যানজঁটৰ সৃষ্টি হোৱাৰ লগতে অৰুণাচল মেও আৰু জয়ৰামপুৰ যাব লগীয়া গাড়ীসমূহ আবদ্ধ হৈ পৰা লগতে জাগুনৰ পৰা মাৰ্ঘেৰিটা, ডিগবৈ, তিনিচুকীয়া আদি অঞ্চললৈ যাব লগা বাহন সমূহ সম্পূৰ্ণ বন্ধ হৈ পৰে।

দিনৰ প্ৰায় ১২ বজাত মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰতিনিধিৰ উপস্থিতি প্ৰতিবাদকাৰী সকলৰ সাময়িক ভাৱে প্ৰতিবাদ স্থগিত ৰাখিছে যদিও যি কোনো মুহূৰ্ততে পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে আন্দোলন কাৰ্য্যসূচী তীব্ৰতৰ কৰি তোলাৰ সম্ভাৱনা আছে।

আনফালে আলফাই (স্বাঃ) বাগিছা খনৰ স্বত্বাধিকাৰী ৰাধা চেতিয়াৰ পৰা দীননাথৰ মুক্তিৰ বাবত তিনিকোটি পঞ্চাছ লাখ টকা দাবী কৰাৰ বিপৰীতে ম্যানমাৰস্থিত আলফা শিবিৰৰ পৰা দীননাথে কৰা বিস্ফোৰক মন্তব্যই ভীষণ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইফালে আলফাই বান্ধি দিয়া শেষ সময়সীমা ১৯জুন তাৰিখৰ পাছত দীননাথৰ যদি  কিবা বিপদ হয় তেন্তে সমগ্ৰ টিৰাপ অঞ্চলটোতেই অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ প্ৰদান কৰে।

আনহাতে আলফা স্বাধীনে এই অপহৰণ কাণ্ডৰ পিছতেই জাগুন আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ নৈৰ সিপাৰে অৰুণাচল সীমান্তৱৰ্তী পাহাৰপুৰ, বালিজান, ফানেং অঞ্চলত থকা দুখনকৈ ক্ষুদ্ৰ চাহ বাগিচাৰ অনা অসমীয়া দুগৰাকী ব্যৱসায়ীক অপহৰণৰ পৰিকল্পনা কৰিছিল বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। আজি ১৯ জুন উপাধ্যায়ৰ মুক্তিৰ সময়সীমা উকলি গলে অপহৃত দীননাথ উপাধ্যায়ৰ কি হ’ব  ইয়াকে লৈ এতিয়া তিনিচুকীয়া জিলাৰ লগতে উজনি অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৰ্তমানেও অসম অৰুণাচল সীমামূৰীয়া অঞ্চলৰ লগতে অৰুণাচলৰ আন্তঃৰাষ্ট্ৰীয় ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত সেনা-আৰক্ষীয়ে দীনানাথৰ উদ্ধাৰ  বাবে ব্যাপক অভিযান অব্যাহত ৰাখিছে বুলি সূত্ৰ প্ৰকাশ।