জাগুনত লম্পট যুৱকৰ কবলৰ পৰা কথমপি ৰক্ষা ষষ্ঠ শ্ৰেণীৰ কিশোৰীৰ

minor girl harrased

ৰাজ্যত দিনক দিনে নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাৰ সময়তে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীৰ ফানেং ঘাটত এজন অসৎ চৰিত্ৰৰ যুৱকৰ কবলৰ পৰা কথমপি এগৰাকী কিশোৰী ৰক্ষা পৰে। অভিযুক্ত যুৱকজনক লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত জাগুন ৫ মাইলৰ পাটকাই গেটৰ সমীপৱৰ্তী এলেকাত থকা ৰাজ মাহাতু (১৮) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, একেখন গাঁ‌ৱৰে প্ৰকাশ মাহাতু নামৰ এজন ব্যক্তিৰ ঘৰত ভাড়ালে থকা যুৱকজনে আজি পুৱা প্ৰায় ৭ মান বজাত নিচা জাতীয় দ্ৰব্য সেৱন কৰি উদয়পুৰৰ পৰা ফানেং ঘাটলৈ যোৱাৰ পথত নিৰ্জন এলেকাত এগৰাকী ১২ বছৰীয়া ষষ্ঠ শ্ৰেণীৰ কিশোৰীক আগুচি ধৰি ধৰ্ষণৰ অপচেষ্টা চলায়।

অৱশ্যে যুৱকজনৰ পৈশাষিক আচৰনৰ বলি হৈ কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰি চৌদিশ উত্তাল কৰি তোলাত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ লম্পট ৰাজ মাহাতুক আটক কৰি উত্তম মধ্যম শোধাই লেখাপানী থানাত চমজাই দিয়ে। পিছত পৰিয়ালৰ লোকৰ গোচৰৰ ভিত্তিত লেখাপানী আৰক্ষীয়ে লম্পট ৰাজ মাহাতুক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে ধৰ্ষণকাণ্ডক লৈ শেষতীয়াকৈ ৰাজ্যৰ চৌদিশ উত্তাল হৈ থকাৰ সময়তে পুনৰ এগৰাকী ১২ বছৰীয়া কিশোৰীক পৈশাষিক কাণ্ডৰ চেষ্টা চলোৱাটো স্থানীয় সচেতন মহলে একেমুখে ধিক্কাৰ দিয়াৰ লগতে লম্পট ৰাজ মাহাতুৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে।