জাতিংগা-হাৰাংগাজাও ঘাইপথ মেৰামতিক লৈ নিৰ্বিকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ

যোৱা কেইবা দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত ভূমিস্খলনৰ লগতে পাহাৰীয়া নৈৰ পানী বৈ আহি জাতিংগা-হাৰাংগাজাও ঘাইপথত যানবাহন চলাচল ব্যাহত হৈ পৰিছিল।  অৱশ্যে, দুদিন ধৰি বৰষুণ নোহোৱা কাৰণে যানবাহনৰ চলাচল আৰম্ভ হৈছে যদিও পথ মেৰামতি নোহোৱাৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

আনহাতে, এই পথছোৱা মেৰামতি নকৰাৰ বাবে প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষকে সকলোৱে দায়ী কৰিছে। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীত থকা আঞ্চলিক কাৰ্যালয়েই ইয়াৰ বাবে প্ৰধানকৈ জগৰীয়া।

একেদৰে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ হাফলং প্ৰজেক্ট ইমপ্লিমেন্ট ইউনিট চমুকৈ পিইইউৰ প্ৰকল্প সঞ্চালক কাৰ্গে কামকিৰ দায়িত্বহীনতাকো দোষাৰোপ কৰিছে ৰাইজে।

ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ আঞ্চলিক কাৰ্যালয়ৰ মুখ্য মহাপ্ৰৱন্ধক ৰাজ চক্ৰৱৰ্তী  জাতিংগা-হাৰাংগাজাও ঘাইপথৰ মেৰামতিৰ বাবে যোৱা বছৰ হাৰাংগাজাওত উপস্থিত হৈ ঘাইপথৰ বুজ ল’লেও ইয়াৰ পাছত আঞ্চলিক কাৰ্যালয়টোৰ পৰা কোনেও পাহাৰ অভিমুখে অহা নাই।

আনহাতে, প্ৰকল্প সঞ্চালক কাৰ্গে কামকি মাহটোৰ বেছিভাগ সময় জিলাৰ বাহিৰত থকাত সমস্যাৰ সৃষ্টি হৈছে। যাৰ কাৰনে যোৱা প্ৰায় আঠ বছৰেও ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই  জাতিংগা-হাৰাংগাজাও ঘাইপথ নিৰ্মাণ কৰাত সক্ষম হোৱা নাই।

ঘাইপথ নিৰ্মাণৰ বাহিৰেও মাথোঁ পঁচিশ কিলোমিটাৰৰ বৰ্তমান পথটো সুচল ৰখাত সম্পূৰ্ণ ভাৱে ব্যৰ্থ হৈছে ঘাইপথ কৰ্তৃপক্ষ। চৰকাৰে যদিও উক্ত পথৰ কাৰণে কোটি কোটি টকাৰ ধন আবন্টন দিছে বাস্তৱত কিন্তু পথৰ সামগ্ৰিক অৱস্থাৰ উন্নয়ন হোৱা নাই। যোৱা ডিচেম্বৰ মাহৰ পৰা জাতিংগা-হাৰাংগাজাও ঘাইপথ নিৰ্মাণৰ দায়িত্বত আছে শিলচৰৰ লক্ষ্মী মটৰ্চ নামৰ এটা সংস্থা।

লক্ষ্মী মটৰ্চে যোৱা ছ’মাহে প্ৰায় দুই কোটি টকাৰ বিনিময়ত মাথোঁ কেই কিলোমিটাৰমান পথত অলপ শিলগুটি-মাটি পেলাই মেৰামতি কৰি বিল আদায় কৰিবলৈ সক্ষম হয়। অথচ সংস্থাটোৰ ব্যৰ্থতাক লৈ মৌন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীত থকা আঞ্চলিক কাৰ্যালয়। অভিযোগ অনুসৰি এই ক্ষেত্ৰত লক্ষ্মী মটৰ্চক সহায় কৰিছে  ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হাফলং প্ৰজেক্ট ইমপ্লিমেন্ট ইউনিটৰ প্ৰকল্প সঞ্চালক কাৰ্গে কামকি আৰু কনচালটেন্সি সন্থা আইচিটিয়ে। এই সকলৰ আশীৰ্বাদত নতুনকৈ কোনো ধৰণৰ নিবিদা আহ্বান নকৰাকৈয়ে লক্ষ্মীক প্ৰায় তিনি কোটি টকাৰ কাম আগবঢ়োৱা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে প্ৰকল্প সঞ্চালক কাৰ্গে কামকিয়ে শিলচৰৰ লক্ষ্মী মটৰ্চৰ নামত দু’খন ৱৰ্ক অৰ্ডাৰ দিয়ে য’ত এখন বেইলি সেতু নিৰ্মাণ আৰু বাৰিষাৰ আগে আগে ঘাইপথ সুচল কৰি তোলাৰ দায়িত্ব দিয়া হয়। কিন্তু  সামান্য বৰষুণতে জাতিংগা-হাৰাংগাজাও ঘাইপথ বন্ধ হৈ যোৱাটো এতিয়া নিয়মত পৰিণত হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কাম আগুৱাই নিয়াত ব্যৰ্থ হোৱা কাৰণে জে কে এম ইনফ্ৰা নামৰ নিৰ্মাণ সংস্থাটোৰ ঠিকা বাতিল কৰা হৈছিল। বৰ্তমান জে কে এম ইনফ্ৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ মাজত আদালতত মোকৰ্দমা চলি আছে।