জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক বাতিলৰ বাবে অগপক নেতৃত্ব লোৱাৰ আহ্বান অসম সাহিত্য সভাৰ

ATTACHMENT

প্ৰতিনিধিত্বমূলক চিত্ৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ ক্ষেত্রত অসম গণ পৰিষদক নেতৃত্ব ল’বলৈ কালি আনুষ্ঠানিকভাৱে আহবান জনায় জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই৷ সাহিত্য সভাৰ গুৱাহাটীস্থিত কার্যালয়ত কালি অগপৰ নেতৃবর্গৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দর্ভত অনুষ্ঠিত এখন গুৰুত্বপূর্ণ বৈঠকত এই আহবান জনোৱাৰ লগতে অসমীয়া ভাষাৰ সুৰক্ষা আৰু প্রসাৰৰ বাবে পদক্ষেপ ল’বলৈ আহবান জনায় সভাই৷

অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কমলা কলিতা, মনোজ শইকীয়া, পোনাকণ বৰুৱা আৰু তোলাৰাম গগৈৰে গঠিত অগপৰ প্রতিনিধি দলটোৰ সৈতে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, প্রধান সম্পাদক পদুম ৰাজখোৱা, মুখপাত্র পংকজ কুমাৰ দত্ত, প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক অৱনী মোহন চহৰীয়া আৰু কার্যনির্বাহক সদস্য বলেন্দ্র কুমাৰ দাসৰ সৈতে সন্ধিয়া এই বৈঠক অনুষ্ঠিত হয়৷

বৈঠকখনত আঞ্চলিক ৰাজনৈতিক দল হিচাপে বিধেয়কখন বাতিলৰ ক্ষেত্রত নেতৃত্ব ল’বলৈ অগপক সাহিত্য সভাই আহবান জনাই তেওঁলোকৰ সৈতে আছু, সাহিত্য সভা, ২৮টা জনগোষ্ঠীয় সংগঠনকে ধৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনসমূহ থাকিব বুলি কয়৷ আনহাতে অগপক এইক্ষেত্রত সকলো দল-সংগঠনৰ সৈতে এবাৰ আলোচনাত মিলিত হোৱাৰ পদক্ষেপ গ্রহণ কৰিবৰ বাবেও আহবান জনায় সভাই৷ আনহাতে বিধেয়কখন বাতিল কৰাৰ দাবীত সাহিত্য সভা আৰু আছুৱে লোৱা পদক্ষেপৰ শলাগ লয় অগপই৷

অগপয়ো বিধেয়কখনৰ বিৰোধিতাৰ স্থিতিত থাকিব বুলি স্পষ্ট কৰে৷ সভাৰ নেতৃবর্গই অসমীয়া ভাষাক ইউনিক’ডত সুকীয়া ভাষা হিচাপে প্রতিষ্ঠা কৰাৰ বাবে অগপক সবল ভূমিকা ল’বলৈ আহবান জনায়৷